বিজ্ঞেয়

ডঃ গীতাঞ্জলি নাথ
সহযোগী অধ্যাপক
অসমীয়া বিভাগ
লামডিং কলেজ

মানুহে কয়, কথাবোৰ সপোনৰ দৰে পাহৰি যোৱা। পাহৰো বুলি পাহৰিব পাৰিনে কিছুমান কথা! জীৱনৰ দুকুৰি বছৰ অতিক্ৰম কৰাৰ পাছতো দেখোন পাহৰিব পৰা নাই কৈশোৰৰ সেই সপোনটো, যিটো সপোনত ফাগুনৰ শুকান পাতবোৰত দুপৰীয়াৰ বতাহে ভাকুট কুটাই তোলা খিলখিলিয়া হাহিঁয়ে টোপনি ভাঙি দি এক অজান অনুভূতিৰে মোক ঘামেৰে ধুৱাই পেলাইছিল। ফাগুন মোৰ সহজাত সখা। এই ফাগুনৰে আন এটা দুপৰীয়া ভাত-ঘূমটিত পৰি চিলমিলিয়া সপোনত দেখিছিলো সাতবৰণীয়া ৰামধেনুখনে নিলাভ পাহাৰৰ ছাঁত আউজি জিৰণি লৈ থকা দৃষ্টিনন্দন শোভা।সন্মুখৰ পৰা, পাহাৰখনৰ তলৰ পৰা,ওপৰৰ পৰা ,বিভিন্ন দিশৰ পৰা মই ৰামধেনুৰ ৰংবোৰ চাই চাই শিহঁৰিত হৈ উঠিছিলো, আৰু সাৰ পাই উঠিছিলো  সপোন দিঠকৰ দোমোজাৰ‌ এটা অভূতপূৰ্ব মিশ্ৰিত অনুভূতিৰ মাজত। সপোনটোৰ কথা বনশ্ৰীক ক‌ওঁতে তাই কৈছিল,-

“ধেৎ, ৰামধেনু আকাশতহে থাকে। এয়া তোমাৰ সংবেদনশীল মনৰ অনামী খেয়ালৰ সৃষ্টি মাত্ৰ। দৃশ্যটো কিন্তু মনোৰম দেই। ভাবিয়েই ভাল লাগিছে মোৰো। তোমাৰ কল্পনাৰ জগত খন শুকাই যাবলৈ নিদিবা”। বনশ্ৰী মোৰ প্ৰেৰণা দাত্ৰী, কিন্তু প্ৰেমিকা নহয়।
গছে চকুলো টোকা কথাটো সীমাই অকনো বিশ্বাস কৰা নাছিল। ফাগুন দিনৰ বৰ্ষাসিক্ত দুপৰীয়া এটা তাইক মোৰ হোষ্টেলৰ কোঠালৈ মাতি আনি খিৰিকীমুখৰ পৰ্দা খন আঁতৰাই  থিয় কৰাই দিছিলো। হৰ্ হৰাই পৰিছিল মুষলধাৰ  বৰষুণ। এক নম্বৰ দুমহলীয়া হোষ্টেলৰ মোৰ চৈধ্য নম্বৰ কোঠাৰ খিৰিকী মুখত এজোপা ডাঙৰ অশোক গছ আছিল। গছজোপাৰ বাঢ়ি যোৱা ডাল এটাৰ তলতে আছিল হুবহু  অৰ্ধনীলিমিত এহাল চকু। বৰষুণ পৰিলে পানীবোৰ তাতে থেকা খাই হৈ পৰে এহাল ক্ৰন্দনৰতা চকু। সীমাই আথেবেথে সেমেকা মাতেৰে সুধিছিল-
“কিনো বেদনাত কান্দি উঠে এনেদৰে গছে! কৰুণতম এই কান্দোনৰ দৃশ্য‌ই কন্দুৱাব পাৰে সকলোকে।নেদেখিলে কোনেও বুজি নাপাব যে গছেও চকুলো টোকে! তুমি কেনেকৈ দেখা এইবোৰ দৃশ্য” বুলি সীমাই আবেগেৰে মোক সাবটি ধৰিছিল। মই কেনেকৈ ক‌ওঁ তাইক সপোনে দিঠকে প্ৰকৃতি খনে কেনেদৰে খেদি ফুৰে মোক! যেনেদৰে সীমাই মোক ভাল পায়, সপোনতো মোক খেদি ফুৰে তাই; কিন্তু মই তাইৰ প্ৰেমিক হব নোৱাৰো। কাৰণ মই মোৰ সীমাবদ্ধতা জানো। মই শামুকৰ খোলা ভাল পোৱা প্ৰেমিক।এই খোলাত দুজনৰ স্থান নাই। ইয়াত আন কাৰো প্ৰবেশ নাই। গছে কথা নকয়। নকৰে কোনো ইতিকিং। সহনশীলতাৰ আন এক সাৰ্থক নাম গছ। প্ৰকৃতিয়ে মোক ঠাট্টা নকৰে, গছে নোজোকায়। নদীয়ে নিচুকায়। পাহাৰে দৃঢ়তা দিয়ে। আকাশ মোৰ মনৰ বিস্তৃতি। সাগৰ হ’ল মোৰ দুখ শোকত ব্যথিত হৈ পৰা হৃদয়ৰ কজলা ৰঙ। মানুহে মোক জোকায়, ঠাট্টা কৰে। ইতিকিং কৰে। বিভিন্ন উপ-নাম দি মাতে।

                         মই এজন ক্লীব। বহুতে জানে।বহুতে নাজানে। শৈশৱৰ অপৰাহ্নত লাহে লাহে গঢ় লৈ উঠিছিল মোৰ দ্বৈত সত্বা। স্বগৰ্ভী ভাতৃ-ভগ্নীৰ লগত একেলগে খেলা-ধুলা কৰাৰ সময়তো মই কঢ়িয়াই ফুৰিছিলোঁ দ্বিতীয় এটা সত্বা। দাদাই ভাল পাইছিল গাড়ী-ঘোঁড়া খেলি। সমনীয়া ছোৱালীবোৰৰ লগত ভন্টিয়ে আপোন পাহৰা হৈ দৰা-ক‌ইনা খেলি থকা সময়ত মই মনৰ মাজত বিচাৰি ফুৰিছিলোঁ মই নো কি ভাল পাওঁ, পোৱা উচিত। সিহঁতৰ পৰা আঁতৰি আঁতৰি ফুৰিছিলো। সকলোৱে ভাবিছিল মই গহীন গম্ভীৰ চিন্তাশীল ব্যক্তিত্বৰ অধিকাৰী হম। থিক তেতিয়াৰ পৰাই মই মনে মনে শামুকৰ খোলাত সোমাই থকাৰ যো-জা কৰিছিলো।মোৰ লগে লগে বাঢ়ি আহিছিল খোলাটো।মায়ে পেন্ট-চাৰ্ট পিন্ধাই ডাঙৰ কৰা মই পিছলৈ ভাবি লৈছিলোঁ ,পিন্ধিবতো লাগিবই! পিন্ধিলেই হ’ল আৰু কিবা এযোৰ। মোৰ কি পিন্ধিবলৈ মন যায় যেতিয়া বুজি পাইছিলোঁ তেতিয়া অজান আশংকাত অন্তৰাত্মা কপি উঠিছিল। কৈশোৰ কালত লগৰবোৰৰ মাত যেতিয়া ফটা ঢোলৰ দৰে গেন্গেনীয়া হৈছিল সেই বয়সত মই মোৰ মাতটোৰ প্ৰেমত পৰিছিলো। 
                 দেউতা, দাদা,ভন্টি আৰু মোক লৈ আমাৰ পাচজনীয়া  সংসাৰখনৰ আঁত মাৰি মাৰি মা ভাগৰি পৰিছিল। মাক সহায় কৰিবৰ বাবে মই সততে মাজু আছিলো। যি কোনো কামতে মাক সহায় কৰিবলৈ আগবাঢ়ি আহিছিলো। মাৰ প্ৰিয়পাত্ৰ মই। এই কথাটোও বিভিন্ন জনে বিভিন্ন ধৰণে লৈছিল। কনপেহী আহিছিল শিৱসাগৰৰ পৰা আমাৰ যোৰহাটৰ ঘৰলৈ। সেইবাৰ পেহী দুবছৰ মানৰ মূৰত আহিছিল থকাকৈ।

“ত‌ই ককায়েৰহঁতৰ লগত ওলাই নাযাৱ কিয় অলপ, এনেদৰে মাৰৰ লগত লাগি থাক যে! নবৌ, তুমি তাক ছোৱালী সজাব খুজিছা নেকি? ঘৰৰ কামকেই কৰাই থাকা যে তাৰ হতুৱাই!”

“সি নিজেই কৰে, মই কিবা কৰিবলৈ কৈছো নে!” মায়ে ভোৰভোৰাইছিল, আৰু সেইদিনা
মই চক্ খাই উঠিছিলোঁ। কলৈ যাম মই! ভন্টিকতো কোনেও ফুৰিবলৈ ওলাই যাবলৈ কোৱা নাই! ঘৰখনত থাকিয়েই মই ভাল পাওঁ দেখোন। হাইস্কুলত পঢ়োতে লৰাবোৰে ফুল-পেদেল মাৰি বেগেৰে চাইকেল চলাই স্কুললৈ গুচি গৈছিল। মই সদায় ছোৱালী জাকৰ লগত খোজ কাঢ়ি গৈছিলো। সাধাৰণতে ছোৱালী বোৰে হাতত বা কান্ধত ধৰা-ধৰি কৰিয়েই খোজ কাঢ়ে। গৰম দিনত মই ৰ’দৰ তাপত কাৰোবাৰ ছাটিৰ তলত সোমাব খুজিলে বা অজানিতে কাৰোবাৰ গাত বা কান্ধত হাত থৈ খোজ দিব খুজিলে ছোৱালী বোৰে গাত বিছা পৰাৰ দৰে জপিয়াই আঁতৰি গৈছিল। অথচ সৰু কালৰ পৰাই সিহঁতৰ লগত তেনেকৈয়ে খোজ কাঢ়িছো, খেলিছো,সাঁতুৰি আহিছো। তেতিয়াৰ পৰাই মোৰ নিজকে অস্পৃশ্য যেন  লাগিবলৈ ধৰিছিল।পৃথিৱীৰ চৰম দুৰ্ভগীয়া মানুহ যেন লাগিছিল। কুৰুকি কৰুকি আকৌ শামুকৰ খোলাত সোমাইছিলো। এদিন দাদাক কোনে কি কৈছিল নাজানো, ঘৰলৈ আহি মোক দুচৰ মাৰিছিল। মায়ে বাধা দিওঁতে সি মাথোন কৈছিল-
“কাইলৈৰ পৰা মোৰ লগত চাইকেলত উঠি স্কুললৈ যাব লাগিব ত‌ই।”

সকলোৰে অলক্ষিতে চাইকেলখন দুদিন মান হাতত লৈ চাইছিলোঁ। এদিন হামখুৰি খাই পৰি থুতৰিটো কাটি তেজেৰে তুমৰলি হৈ পৰিছিল। সৰুকৈ শিল এটা সোমাই আছিল বহু দিনলৈ থুতৰিত। ঠাইখিনিত হাতখন পৰিলেই বিষাদেৰে মনটো ভৰি উঠিছিল। নিজৰ অপাৰগতা দেখি হীনমন্যতাত ভুগিছিলো। নিজলৈ বিতৃষ্ণা জন্মিছিল সিদিনা, যিদিনা দাদাৰ বন্ধু এজনে ইচ্ছাকৃতভাৱে মোক বেয়াকৈ চুই চাইছিল, অত্যাচাৰ কৰিছিল, অশ্লীল কথা সুধিছিল। সি মোৰ সন্মতিৰ বাবে অকনো অপেক্ষা কৰা নাছিল। মৰি যাওঁ যেন লাগিছিল নিজৰে মোৰ। আকৌ শামুকৰ খোলাটোৰ আশ্ৰয় লৈছিলো। সচাঁকৈয়ে ক্লাছ নাইনৰ পাছত মই স্কুলেই এৰি পেলাইছিলো।

“অই লেডিজ”…. পিছলৈ ঘূৰি চোৱা নাছিলোঁ সিদিনা‌। ঘৰলৈ আহি গা-বেয়া বুলি শুই পৰিছিলোঁ। কেবাদিনো জ্বৰত পৰিছিলোঁ মই। মনৰ জ্বালা যন্ত্ৰণাই যেন উত্তাপ হৈ মোক কোঙা কৰি পেলাইছিল। স্কুললৈ নোযোৱাৰ উপাই ভগৱানে যেন উলিয়াই দিছিল মোক। নাখাই নব‌ই আধামৰা হৈ পৰি থাকিছিলো বিচনাত। অহৰহ মাথো কানত বাজি থাকিছিল লে-ডি-জ, অই…!!! মাক কোনে কি কৈছিল নাজানো। এদিন মোৰ শিতানত বহি লৈ মায়ে হিয়া ঢাকুৰি কান্দিছিল । চকুৰ পানীৰে ধুই যেন মোৰ ভবিষ্যতৰ পথ মসৃণ কৰি তুলিবলৈ বিচাৰিছিল। সেই দিন ধৰি মায়ে আৰু মোৰ বাবে কন্দা মই দেখা নাই। পঢ়িছিলো কলেজত ইংৰাজী লৈ। স্নাতকোত্তৰ মহলাত বিশেষ ভাবে পঢ়িছিলোঁ মনস্তত্ব বিজ্ঞান। এৰা, দূৰৱৰ্তী শিক্ষা ব্যৱস্থাত পঢ়ি স্কুললৈ নোযোৱাকৈ সুখ্যাতিৰে মেট্ৰিক পাছ কৰি চহৰৰ কলেজত পঢ়িছিলো। তাৰ পাছত আৰু ঘূৰি চোৱা নাই। মায়ে শিকাইছিল- “ত‌ই সৰ্ব-সাধাৰণৰ দৰে নহয়, ত‌ই অসাধাৰণ। তোৰ চিন্তা, কথা,কাম সকলো অসাধাৰণ হলেহে এই সংসাৰত স-সন্মানে জীয়াই থাকিব পাৰিবি।”

মই মোক আবিষ্কাৰ কৰিবলৈ ধৰিছিলো। ভগৱান প্ৰদত্ত এই শৰীৰ আৰু মনৰ ৰহস্য উদ্ঘাটনেই মোৰ জীৱনৰ লক্ষ্য হৈ পৰিছে। এপাত এপাতকৈ জীৱনত মানৱ মনস্তত্বৰ পাত লুটিয়াই চাবলৈ চেষ্টা কৰি আহিছো। সৰুতে দেখা ঘটনা এটিয়ে আজিও মনত সাঁচ বহাই আছে। আমাৰ চোতালৰ কাষত অমিতা গছ এজোপা আছিল। সেই জোপা হেনো বজা অমিতা। সকলোৱে বজা অমিতা চকুৰ আগত থকাটো বেয়া বুলি মাক কাটি পেলাবলৈ কয়। ভাদ মাহৰ কোনো এটা তিথিত মায়ে এদিন চোকা কটাৰি এখন লৈ অমিতা জোপাৰ গুৰিটো ফালি দিলে। সকলোকে আচৰিত কৰি তাৰ কিছু দিন পিছৰ পৰা ফলে-ফুলে গছজোপা ভৰি ভৰি লাগিবলৈ ধৰিলে।প্ৰকৃতিৰ এই ৰহস্য এক নুবুজা সাঁথৰ হৈ ধৰা দিছিল মোৰ মনত। মোক যেন প্ৰকৃতিয়ে জীৱনৰ পাঠ দিছিল এনেদৰে। লোকৰ বাৰীয়ে বাৰীয়ে সৰুতে মধুৰী বিচাৰি ঘূৰি ফুৰোতে দেখিছিলো যে গাৱত ফল নধৰা লাও গছবোৰত শিঙি মাছৰ শুকান মূৰ কিছুমান বিন্ধাই থোৱা আছিল। তেনে কৰিলে হেনো লাও গছত ফল ধৰে। মোৰদৰে প্ৰকৃতিৰ বুকুতো দুখ লুকাই থাকে, বন্ধ্যাত্ব গছৰো থাকে।গছেও চকুলো টোকে;কিন্তু গছে গছক ইতিকিং নকৰে! তাকে বুজিবলৈ চেষ্টা কৰি আহিছে মোৰ এই সংবেদনশীল মনটোৱে‌ সদায়।  গাৱঁত মানুহে পোহনীয়া দমৰা পোৱালি মন্দিৰলৈ নি ষাঁড় কৰি এৰি দিয়া দেখিছো। তেনে এটি ষাঁড়েই আন এটা মতা গৰুক খেদি ফুৰা দেখিছিলো।এনেবোৰ কথাই সৰুকালৰ মনটোত কোনো প্ৰভাৱ পেলোৱা নাছিল যদিও আজি সেয়াই মোৰবাবে চিন্তাৰ খোৰাক হৈ পৰিছে। দেখিবলৈ পাইছিলো দমৰা গৰুক বলধ কৰিবলৈ ঘূৰিফুৰা কচাইৰ দৰে কিছুমান বৈদাৰ বৃত্তিৰ লোক। কত কি কথাৰে যে ভৰি আছে মন। তথাপিও মানুহেই মানুহক চৰম যন্ত্ৰণা দিব পাৰে, ভাবিলে বেজাৰ লাগে।

দেউতাৰ মোৰ কথা ভবাৰ সময় নাছিল। ঘৰখনক আৰ্থিক সংকটৰ পৰা দূৰত ৰখাৰ চেষ্টাত তেওঁ এজন ব্যস্ত কৰ্মী‌। দাদা আৰু ভন্টি নিজৰ জগতত ব্যস্ত। বৰং কেতিয়াবা মোক লৈ সিহঁত অপ্ৰস্তুত হৈছিল বন্ধু-বান্ধবৰ ওচৰত।মোৰ মনৰ খবৰ ৰখাটো তেওঁলোকে তেওঁলোকৰ দায়িত্ব বা কৰ্তব্য একো বুলি কোনোদিনে ভবা নাছিল। সেয়েহে মই সদায় দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছিলো তেওঁলোকৰ পৰা। যেন জনপূৰ্ণ নিৰ্জনত অকলশৰীয়া আছিলো মই। একমাত্ৰ প্ৰিয় সঙ্গী মোৰ মা। মোৰ প্ৰতি থকা তেওঁৰ দায়িত্ব ষোল্লকণাই পূৰ্ণ কৰিছিল। মাই মোক নৱজন্ম দিছিল। আকৌ এবাৰ মোৰ সৈতে মোৰ মন আৰু শৰীৰক পৰিচয় কৰাই দিছিল। যুদ্ধ কৰিবলৈ শিকাইছিল, নিজৰ মনৰ দুৰ্বলতাৰ লগত, প্ৰচলিত সমাজ মনস্তত্বৰ লগত।

দিল্লীৰ লব্ধপ্ৰতিষ্ঠ প্ৰতিষ্ঠানত আজি মই চাকৰি কৰো। দিল্লীত মোৰ দৰে মানুহৰ বাবে বিভিন্ন সংস্থা আছে। মোৰ এনে লাগে যেন হাত চাপৰি মাৰি সৰ্বসাধাৰণৰ লগত যুজঁ দি নিজৰ অস্তিত্ব বজাই ৰখাই সিহঁতৰ উদ্দেশ্য নাইবা ৰাজপথত মিচিল উলিয়াই বিশেষভাবে যৌন-সক্ষম গোটৰ প্ৰদৰ্শনী পাতি নিজৰ সমৰ্থনত সহাঁৰি বিচৰাটোৱে উদ্দেশ্য। সংগঠন কাৰ বিৰুদ্ধে আৰু কিয় এই সংগ্ৰাম? সামাজিক বিশেষ অধিকাৰ কিয় লাগে। আনবোৰ মানুহেতো নিবিচাৰে। অৱশ্যে প্ৰয়োজন আছে সংগ্ৰামৰ। সমাজে যাতে কাকো মানসিক ভাবে পীড়ণ কৰিব নোৱাৰে, তাৰ বিৰুদ্ধে সংগ্ৰাম। সমাজৰ হীনমন্যতা দূৰ কৰাৰ বিৰুদ্ধে সংগ্ৰাম। আমি সমাজৰ লাজৰ কাৰণ বুলি ভবাৰ বিৰুদ্ধে সংগ্ৰাম। হাত চাপৰি বজাই কাৰোবাক দাঁতেৰে কামুৰি টকা এটা দি কাৰো ভাগ্য পৰিবৰ্তন কৰিব নোৱাৰি, সেই বিশ্বাসৰ বিৰুদ্ধে সংগ্ৰাম। তেতিয়া আৰু কোনো মাতৃয়ে নিজৰ সন্তানক সমাজৰ ভয়ত ঘৰৰ পৰা উলিয়াই নিদিয়ে। ইয়াৰ একমাত্ৰ উপায় হল নিজক প্ৰতিষ্ঠা কৰা। সমাজৰ গন্য-মান্য সকলৰ মাজত স্থান উলিয়াই লোৱা। শাৰিৰীক ভাবে ভিন্ন হব পাৰো। মানসিক ভাবে মই এটা সম্পূৰ্ণ সত্ত্বা। কাম কৰিব পৰা দেহত শক্তি আছে। মোৰ যোগ্যতা মই প্ৰতিষ্ঠা কৰিছো। আজি মানুহে মোক সম্ভ্ৰম কৰে। এয়া মই নিজে আৰ্জন কৰিছো।
              মোৰ গৱেষণাৰ বিষয় আছিল মানুহৰ যৌন-মনস্তত্ব। ভাৰতৰ বাদেও পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰতিষ্ঠানত বৃহৎ বৃহৎ শৈক্ষিক সন্মিলনত যোগদান কৰিছো। নিজৰ বক্তব্য ডাঙি ধৰিছো।আজি আহিছো বিশ্ব মনস্তত্ব-বিজ্ঞান সন্মিলনলৈ। সৃষ্টিৰ আদিৰে পৰা যি চিৰন্তন সত্য মানুহৰ জীৱনত চলি আহিছে তাকেই আজি আকৌ এবাৰ মোৰ ধৰণেৰে মই সাব্যস্ত কৰিবলৈ আহিছো। এই কথা খিনি সাব্যস্ত কৰিবলৈ অহাৰ আগতে মই বাৰে বাৰে মোক প্ৰত্যয় নিয়াইছো। বাৰে বাৰে সত্যক উপলব্ধি কৰিছো। বুজি পাইছো মানুহৰ দৈহিক আৰু মানসিক সন্তুষ্টিৰ মূলতে হ’ল মানুহৰ আনন্দ উপভোগ কৰাৰ তীব্ৰ আকাংক্ষা। পৃথিৱীৰ সকলো পৰিশ্ৰমৰ অন্তৰালতে আছে এই সূত্ৰ। হেলীয়ে মোৰ হাতৰ পৰা মই সংগ্ৰহ কৰা অজন্তা-ইলোৰা, মদন-কামদেৱ, খাজুৰাহো, উৰিষ্যাৰ সূৰ্য মন্দিৰ, ডুবিৰ পৰিহৰেশ্বৰ মন্দিৰ, গোৱালপাৰাৰ সূৰ্য মন্দিৰ আদিৰ পৰা সংগ্ৰহ কৰা ফটোৰ ফাইলটো বিচাৰি নিলে। হেলী চিকিৎসা বিজ্ঞানৰ ছাত্র। হেলীয়ে মোৰ তত্বাৱধানত গৱেষণা কৰি আছে। তাৰ গৱেষণাৰ বিষয় হ’ল ‘যৌন-মনস্তত্বৰ আধাৰত মানুহৰ দৈহিক বিকাৰ’। আজি যিবোৰ পেপাৰ পাঠ কৰা হ’ব তাৰ ভিতৰত মোৰখনো আছে । হেলী মোৰ সহযোগী। হেলীয়ে আকৌ এবাৰ পি পি টি পৰীক্ষা কৰি লৈছে। আগতে পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন সন্মিলনত লগ পোৱা প্ৰফেছৰ ডানকান, মহম্মদ ইউচুফ, প্ৰফেছৰ ৱাংখেৰে আদিয়ে মোৰ পেপাৰ খনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। মোক শুভকামনা জনাই গৈছে তেওঁলোকে।
                      অজন্তা-ইলোৰাৰ গুহাবোৰত অঙ্কিত কাৰুকাৰ্য দেখি কোনেও চকুৰ পচাৰ পেলোৱা নাছিল। মানুহৰ দেহ-বল্লৰীৰ মাজতো যে ইমান সুক্ষ্ম সৌন্দৰ্য্য লুকাই থাকিব পাৰে তাক হয়তো আগতে বহুতেই মোৰ দৰে কেতিয়াও উপলব্ধি কৰিব পৰা নাছিল। মানুহৰ যৌন-মনস্তত্বৰ এখন জীৱন্ত দলিল হৈছে খাজুৰাহোত খোদিত বিখ্যাত যৌন ভাস্কৰ্যবোৰ। বাৎসায়নৰ কামশাস্ত্ৰৰ সকলো ভঙ্গীমা যেন ইয়াত বৰ্তমান। মৰ্মৰ বুকুত খোদিত কৰা শিল্পী সকলৰ মনৰ মাজত লুকাই থকা ভাস্কৰ্য-তৃষ্ণা সঁচাকৈয়ে অবিশ্বাস্য। ভাৰতীয় ধৰ্মশাস্ত্ৰত শিৱ-পাৰ্বতীৰ অৰ্দ্ধ-নাৰীশ্বৰ ৰূপৰ যেনেদৰে কল্পনা আছে তেনেদৰে হৰি-হৰ ৰূপৰো কল্পনা আছে।অসমৰ গোৱালপাৰাস্থিত সূৰ্য মন্দিৰত পৰা সংগ্ৰহ কৰি অনা এনে মূৰ্ত্তিৰ ছবিয়ে সভাগৃহত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। দুয়োধৰণৰ কল্পনাতে শিৱৰ নাৰী-পুৰুষ আৰু পুৰুষ-পুৰুষ অৰ্দ্ধাঙ্গ ৰূপৰ চিত্ৰ অঙ্কিত হৈছে। তাৰ মাজতো বিছাৰি চাব পাৰি যৌন- মনস্তত্ব। এজন মানুহৰ ভিতৰত পুৰুষ আৰু নাৰী দুয়োধৰণৰ মনস্তত্ব লুকাই থাকে। পুৰুষ নাৰীৰ দেহ সৌস্থবে পুৰুষ নাৰী দুয়োকে আকৰ্ষণ কৰে। সভাগৃহত থকা সকলৰ মাজৰ পৰা বহুতে মুৰ দুপিয়াই সমৰ্থন জনোৱা মই মঞ্চৰ পৰা দেখিবলৈ পাইছো। তেনেদৰে মদন-কামদেৱ, খাজুৰাহো আদি মন্দিৰৰ ভাস্কৰ্যত খোদিত মানুহ আৰু জন্তুৰ মিলনসাৰ দৃশ্যই আন এখন দুৱাৰ খুলি দিছিল সভাগৃহত উপস্থিত থকা সকলৰ বাবে। মানুহ-মানুহ, জন্তু-মানুহ, জন্তু -জন্তু, পুৰুষ-নাৰী, নাৰী-নাৰী, পুৰুষ-পুৰুষ, মতা-মাইকী, মাইকী-মাইকী, মতা-মতা আদি বিভিন্ন মিলন সমীকৰণেৰে এই পৃথিৱীৰ জীৱকুলৰ যৌন ৰহস্য সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰিও ভাস্কৰ্যবোৰত খোদিত হৈছিল একৰ লগত একৰ বা একৰ লগত একে সময়তে একাধিকৰ মিলনৰ চিত্ৰ। ভাৰতৰ প্ৰায়বোৰ প্ৰাচীন মন্দিৰৰ বুকুত খোদিত আছে কিমান যে খনিকৰৰ হাতৰ ৰহস্যময় খেলা। সভাগৃহত কাহ-পৰি-জিন যোৱা অৱস্থাৰ মাজেৰে মই সাব্যস্ত কৰিছিলো যে যুগে যুগে যৌন ৰহস্য প্ৰতিফলিত হোৱা এনে ভাস্কৰ্য আৰু সাহিত্যৰ ভাণ্ডাৰে পৃথিৱীৰ যৌন মনস্তত্বকে প্ৰতিফলিত কৰি আহিছে। তেন্তে কিয় মোৰ দৰে লোকসকলে সমাজত কটাবলগীয়া হয় একধৰণৰ অবাঞ্চিত আৰু শোষিত জীৱন? এই প্ৰশ্নকে মেলি ধৰিছিলো সেইদিনা বিশ্বৰ বিদ্ব্যত মণ্ডলিৰ সন্মুখত। সম্পূৰ্ণ ভাৰতীয় তথ্যৰেই মই মোৰ গৱেষণা পত্ৰ প্ৰস্তুত কৰিবলৈ অকনো অসুবিধা হোৱা নাছিল। মূল বিষয় বস্তুক প্ৰতিভাত কৰিবলৈ এটাৰ পাছত এটা তথ্যসূত্ৰ দাঙি ধৰিছিলো। প্ৰতিজন  মানুহৰ যৌন-মনস্তত্বত নিহিত হৈ আছে তেওঁৰ দেহৰ জৈৱিক কোষে নিৰ্গত কৰা ৰসে নিয়ন্ত্ৰণ কৰা দেহ আৰু মনৰ সমীকৰণ। এই নিঃসৰন সকলো সময়তে সকলোৰে বাবে একেধৰণে নহয় বা নাথাকে।ইয়াৰ তাৰতম্যৰ বাবেই এজন পুৰুষ নাৰী গুণযুক্ত হয় বা এজনী নাৰী পুৰুষ গুণযুক্ত হব পাৰে। অ’ মই নিজেই  অনুভৱ কৰো কেতিয়াবা নিজৰ লগতে নিজৰ ৰমণ বিলাস । কলেজীয়া জীৱনত কেতিয়াবা নিজকে বিচাৰি পাইছিলো নিজৰ লগত, সীমাৰ আলিঙ্গনাবদ্ধ দুবাহুৰ মাজত আৰু আজি হেলীৰ শক্তি শালী বাহুবন্ধনতো বিচাৰি পাওঁ নিজক। হেলী মোৰ একমাত্ৰ মিলনৰ সঙ্গীয়েই নহয়, গৱেষণাৰ বাবে প্ৰয়োজনীয় সুক্ষ্ম সুক্ষ্ম তাত্বিক দিশবোৰৰ উপলব্ধি, পৰীক্ষণ আৰু বিশ্লেষণৰ বাবে আমি দুয়ো দুয়োৰো সঙ্গী। দেহ আৰু মনৰ বিভিন্ন সম্পৰীক্ষাৰ বাবে আমি দুয়ো দুয়োকে সূচক ৰূপে ব্যৱহাৰ কৰো। যৌনতাই মানুহৰ দেহত ক্ৰিয়া কৰাৰ সময়ত মানুহৰ মানসিক স্থিতি কেনে হব পাৰে সিও আমাৰ গৱেষণাৰ বিষয় বস্তু।

আজি কিছুদিনৰ পৰা মনৰ পৰা যেন অতিৰিক্ত ভাবে কঢ়িয়াই ফুৰা মানসিক বোজা এটা হেলীয়ে আতৰাই দিছে। হেলীয়ে মোক প্ৰত্যয় নিয়াব পাৰিছে যে মই পিতৃ হবলৈ সম্পূৰ্ণ সক্ষম। অকল দৈহিক ভাবে নহয় মানসিক ভাবেও। হেলীয়ে থিকেই ধৰিব পাৰিছে। মোৰ মাৰ পৰা মই সন্তানৰ মানসিক ক্ষেত্ৰ কেনেদৰে তিলতিলকৈ গঢ়িব লাগে তাৰ শিক্ষা পাইছিলো। মাথোন মোৰ বাবে প্ৰয়োজন এতিয়া মানসিক প্ৰস্তুতিৰ। মোৰ জীৱনত আজিলৈকে যিবোৰ ঘটনা ঘটি আহিছে সেইবোৰে মোৰ মানসিক স্থিতি সম্পূৰ্ণ ভাবে বিদ্ধস্ত কৰি পেলাইছিল। ইয়াৰ পিচত মোৰ জীৱনত ঘটা ঘটনাই বহু জনক সাহস দিব। সমাজে কৰা মানসিক অত্যাচাৰৰ বলি হৈছিলো মই আৰু মোৰ পৰিয়াল। অকল মোৰ লগতে নহয়, মোৰ দৰে প্ৰতিজনৰে মানসিক স্থিতিৰ বাবে একমাত্ৰ জগৰীয়া সমাজ। মানুহৰ গাৰ ৰঙবোৰ যেনেদৰে বগা, ক’লা, মাগুৰ বৰণীয়া হয় তেনেদৰে মনবোৰো হয় বিচিত্ৰ গঢ়ৰ। ঈশ্বৰ প্ৰদত্ত দয়া, ক্ষমা, প্ৰেম, ভালপোৱা আদি স্থায়ী ভাববোৰৰ লগত বিকৃত ৰুচিবোধ সংমিশ্ৰণ কৰি মানুহে নিজস্ব প্ৰক্ৰিয়াৰে সৃষ্টি কৰে বিকৃত যৌন ৰুচি। অসূচি কৰে সমাজ মানসিকতাক। কাৰোবাক নিৰ্যাতন কৰা, শোষণ কৰা আদি এনে ধৰণৰে মানসিক বিকৃতি।তাৰ বাবে সহজ উপলক্ষ্য কৰি লয় আমাৰ দৰে লোক সকলক।
                 মোৰ বাবে সীমা আছে। এক নাম নথকা সম্পৰ্কৰে আমি বান্ধ খাই আছো। তাইৰ যৌৱনৰ দগমগীয়া দুকুৰিটা বছৰ মোৰ নামতেই যেন উৎসৰ্গা কৰিলে। এক অনামী অহৈতুকী প্ৰীতিৰে তাই মোৰ লগত আজি অত বছৰে সাঙোৰ খাই আছে।কোনেও কাৰো পৰা আমি একো বিচৰা নাই। মাত্ৰ বিচাৰিছো মোৰ দৰে হেজাৰ জনৰ নিৰাপত্তা। মোৰ জীৱন সংগ্ৰামত সহযোগ কৰি আহিছে সীমাই।এটা দায়বদ্ধ সামাজিক সংগঠনৰ সক্ৰিয় সদস্যা তাই। সমাজ মানসিকতাৰ পৰিবৰ্তন কৰাই আজি আমাৰ জীৱনৰ উদ্দেশ্য হৈ পৰিছে। এজন চিকিৎসক হিচাপে হেলীৰ পৰা পোৱা প্ৰেৰণা আৰু সাহসৰ বাবেই আমি আজি সংসাৰখন তৰি লোৱাৰ সপোন দেখিছো। তাৰ আগতে আইন সন্মত ভাৱে সীমাক মোৰ জীৱনত স্থান দিছো। তাই মোৰ বিবাহিতা পত্নী।
                      ৰোমত অনুষ্ঠিত “বিশ্ব-মনস্তত্ব বিজ্ঞান সন্মিলন”ৰ পৰা আহি বাহিৰে বাহিৰে মই মুম্বাই পালোহি। সীমা অধীৰ আগ্ৰহেৰে মোলৈ ছত্ৰপতি শিৱাজী বিমান বন্দৰত বাট চাই আছিল। টেক্সিত উঠাৰ পৰা গোটেই বাটচোৱা শ্বাসৰূদ্ধ উৎসাহেৰে তাই যোৱা দহদিনৰ আমাৰ আহিবলগীয়া সন্তানটিৰ প্ৰতিটি মূহুৰ্তৰ গতি বিধিৰ বাতৰি মোক দিলে। মিচেছ ডালভিয়ে ধাৰণ কৰিছে আমাৰ সন্তান। এক হৃষ্ট-পুষ্ট চেহেৰাৰে মৰম লগা গোৱান মহিলা গৰাকী। আজি দহমাহে ডালভিৰ ছাঁয়াৰ দৰে লাগি আছে সীমা। আমাৰ মানে মোৰ সন্তান। সন্তান জন্ম দিয়াই নহয় সন্তান ধাৰণ কৰাৰ ক্ষমতাও সীমাৰ আজি নাই। মোলৈ বাট চাই চাই নাৰী জীৱনৰ সেই মহত্বম সময়ো অতিক্ৰম কৰিছে সীমাই। ডাক্টৰে আৰু কিছুদিন লাগিব বুলি আগতে কৈছিল যদিও দুদিন আগতে আমাক  জনাইছিল যে আমাৰ চৰম আকাঙ্খিত মূহুৰ্তটি যিকোনো সময়তে উপস্থিত হব পাৰে। আমাক সাজু হবলৈ কোৱা হৈছিল। বাটত সুন্দৰ এটি ফুলৰ থোপা কিনি লৈ ডালভিৰ ওচৰত উপস্থিত হলো।

মই কৃতজ্ঞতা সহকাৰে ডালভিৰ মুখলৈ চালো। ডালভি শুই আছে। সীমাই আথে বেথে তাইৰ হাতখন সাৱটি লৈ অপলক নেত্ৰে পৃথিৱীৰ সমস্ত প্ৰেমানুভূতিৰে ডালভিৰ মুখলৈ চাই আছে। মই দেখিবলৈ পালো ডালভিৰ আসন্ন প্ৰসৱ বেদনাত সীমাৰ চকুৱে-মুখে প্ৰতিফলিত হোৱা মাতৃত্বৰ এক ঐশ্বৰীয় প্ৰভা।

Scroll to Top