লীলা গগৈৰ নৈ বৈ যায় উপন্যাসত লোকজীৱন
ড° চন্দনা ডেকা
সহকাৰী অধ্যাপিকা (অসমীয়া বিভাগ)
ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়, পুৰণিগুদাম
আৰম্ভণি :
লোকজীৱন এক সুনির্দিষ্ট, স্বকীয় মহিমাৰে প্রোজ্জ্বল। সাহিত্য সৃষ্টিৰ মূলতেই হ’ল লোকসমাজ বা লোক জীৱন। লোকজীৱন অর্থাৎ Folklife-এ পৰম্পৰাগত জীৱনৰ সকলো দিশকে সামৰি লয়। লোকজীৱনৰ বৃহত্তৰ ক্ষেত্ৰত জনসাধাৰণে পালন কৰা আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, নিয়ম-কানুন প্রভৃতিৰ মাজেৰে লোকসমাজৰ যি মানস সংস্কাৰ ৰচিত সেয়া প্ৰতিভাত হয়। এই মানস সংস্কাৰ কিন্তু কোনো বিশেষ কাল অথবা ব্যক্তি বিশেষৰ পৰিকল্পনাত ৰচিত নহয়, কোনো বিশেষ সামাজিক প্ৰকল্পৰ দ্বাৰাও ৰচিত নহয়। অনাদিকালৰ পৰা বৰ্তমানলৈ বিভিন্ন বিৱৰ্তনৰ মাজেৰে বিৱৰ্তিত হৈ লোকজীৱনে নতুন ৰূপ লাভ কৰে। অৱশ্যে লোকজীৱনৰ বিৱৰ্তনত সমাজৰ ব্যক্তিগত, সামাজিক, ৰাজনৈতিক, অর্থনৈতিক ব্যৱস্থাসমূহেও প্রভাৱ পেলায় । লোকজীৱনে পৰম্পৰাগত সংস্কৃতি আৰু বাচিক কলাৰূপৰ পূৰ্ণচিত্ৰ ৰূপায়ণ কৰে। (ঠাকুৰ ১৭৮) সাহিত্যিকসকলে তেওঁলোকৰ সাহিত্য নির্মিতি ৰচনা কৰে জীৱনৰ বাবে, সমাজৰ বাবে। সাহিত্য যিহেতু মানৱ জীৱনৰ সমগ্ৰতাৰ প্ৰতিফলক সেয়েহে কোনো সাহিত্যিকে জীৱনৰ সামান্য দিশবোৰকো উপেক্ষা কৰিব নোৱাৰে। জীৱনক প্ৰতিনিধিত্ব কৰাটোৱেই যিহেতু সাহিত্যৰ অস্তিত্ব ৰক্ষাৰ মূল কথা, সেইবাবে সাহিত্যিকসকলে জীৱনৰ ওপৰত যথাযথ দৃষ্টিভংগী আৰোপ কৰিহে সাহিত্য সৃষ্টি কৰে। প্রাত্যহিক জীৱনৰ চাল-চলন, ৰীতি-নীতি, চিন্তা-ভাৱনা, আচাৰ-ব্যৱহাৰ, লোকবিশ্বাস, লোকাচাৰ, খেল-ধেমালি, উৎসৱ-অনুষ্ঠান, আ অলংকাৰ, সাজপাৰ, খাদ্যাভাস, কৃষিকৰ্ম, বেহা-বেপাৰ, গীত-মাত-নৃত্য আদি বিভিন্ন দিশৰ সমন্বয়ত লোকজীৱন গঢ় লৈ উঠে। লোকজীৱনৰ পৰম্পৰা আৰু অভিজ্ঞতাই সাহিত্য সৃষ্টিত সহায় কৰে। পৰম্পৰাগতভাৱে জীৱন যাপন কৰা গাঁওবাসীয়েই হওক বা তথাকথিত আধুনিক জীৱন যাপন কৰা নগৰবাসীয়েই হওক সকলো ব্যক্তি তথা সমাজেই প্রত্যক্ষ বা পৰোক্ষভাৱে কিছুমান লোকজীৱন কঢ়িয়াই লৈ ফুৰে আৰু সেই সমূহ তেওঁলোকৰ সৃষ্টিৰাজিত প্রকাশ ঘটা দেখিবলৈ পোৱা যায়। অসম তথা ভাৰতৰ জনগণৰ সমাজ আৰু জীৱন পৰম্পৰাগত। অসমৰ সাহিত্যিকসকলেও লোকজীৱনৰ আধাৰত সাহিত্য ৰচনা কৰিছিল। তাৰ ভিতৰত এগৰাকী উল্লেখযোগ্য সাহিত্যিক হ’ল লীলা গগৈ। বুৰঞ্জীয়ে পৰশা নগৰ, হেৰোৱা দিনৰ কথা, টাই সংস্কৃতিৰ ৰূপৰেখা, অসমৰ লোকসংস্কৃতি, বেলি মাৰ গ’ল, বিহুগীত আৰু বনঘোষা আদি একাধিক তাত্ত্বিক আৰু গৱেষণাধর্মী গ্ৰন্থ ৰচনা কৰা লীলা গগৈৰ নৈ বৈ যায় উপন্যাসখন এখন অন্যতম শ্রেষ্ঠ উপন্যাস। উপন্যাসখনৰ কাহিনীৰ পটভূমি দিখৌ নৈৰ পাৰৰ সেন্দূৰীপাম নামৰ এখন গাঁৱৰ গাঁওখনৰ কাষেৰে বৈ যোৱা দিখৌ নৈৰ প্ৰতি টোপাল পানীয়ে এই গাঁৱখনৰ প্ৰতিজনৰে জীৱনৰ ইতিহাস জানে। বিহুতলীত সম্বৰ্দ্ধনাৰ শৰাই লৈ অতীত ৰোমন্থন কৰা ভগীৰাম ফুকনে দিখৌ পাৰৰ এশবছৰৰ ইতিহাস উপন্যাসখনত বৰ্ণনা কৰিছে।
লীলা গগৈৰ নৈ বৈ যায় উপন্যাসত লোকজীবন :
লীলা গগৈৰ নৈ বৈ যায় উপন্যাসখন হ’ল অসমীয়া লোকজীৱনৰ দলিল। উপন্যাসখনৰ মাজেৰে লোকজীৱনৰ স্পষ্ট আৰু প্ৰত্যক্ষ পৰিচয় পোৱা যায়। সমাজত প্রচলিত লোকজীৱনৰ অনেক সমলেৰে উপন্যাসখন সমৃদ্ধিশালী। লোকজীৱনৰ অন্তৰ্গত গীত-মাত, আচাৰ-ধেমালি, সাজপাৰ, আ-অলংকাৰ, ৰন্ধনপ্ৰকৰণ, খাদ্যদ্রব্য আদিৰ প্ৰতিফলনে উপন্যাসখন নির্মাণত সমল যোগাইছে। সমাজ, সংস্কৃতি, পৰম্পৰা আৰু জীৱন গতিশীল। সেয়েহে উপন্যাসখনৰ শেষৰফালে স্বাধীনতা পৰৱৰ্তীকালত ঔদ্যোগীকৰণ আৰু নগৰীকৰণৰ বাবে তৎকালীন সমাজৰ সামাজিক সাংস্কৃতিক জগতখনলৈ যিধৰণৰ পৰিৱৰ্তন আহিছিল সেয়াও উপস্থাপন কৰিছে। উপন্যাসখনত দুটা যুগৰ অৰ্থাৎ স্বাধীনতাৰ পূৰ্বৱৰ্তীকালৰ আৰু স্বাধীনতাৰ পৰৱৰ্তীকালৰ অসমীয়া লোকজীৱনৰ ছবি ৰূপায়িত কৰিছে। অসমীয়া লোকজীৱনৰ সৈতে সু-পৰিচিত লীলা গগৈৰ নৈ বৈ যায় উপন্যাসৰ আধাৰত অসমীয়া লোকজীৱনৰ বিভিন্ন দিশসমূহ বিশ্লেষণ কৰা হ’ল।
প্রকৃতি চিত্রণ :
নৈ বৈ যায়উপন্যাসখনত অসমৰ প্ৰকৃতিজগতখন জাকতজিলিকা ৰূপত প্ৰতিভাত হৈ উঠিছে। ঋতু অনুযায়ী প্রকৃতিয়ে নিজৰ ৰং ৰূপ সলায়। প্ৰকৃতিৰ পৰিৱৰ্তনৰ লগত মানুহৰ আশা-আকাংক্ষা, জীৱনযাত্ৰাও জড়িত হৈ পৰে। প্ৰকৃতিয়ে প্ৰাণ পাই উঠিছে ঔপন্যাসিকৰ হাতত ফাগুন গ’ল। চ’ত সোমাল। গছ-বন, লতা-পাতৰ বৰণ সলনি হ’ল। ফাগুন মাহত ৰমক্-জমক্ হৈ ফুলি থকা পলাশজোপা, মদাৰ গছবোৰত গুটি জিলিকিল। মাজে মাজে দুজাক-এজাক বৰষুণ দিবলৈ ধৰিলে। গুৰুম্ গুৰুম্কৈ মেঘে গাজে। থিতাতে একোচপৰা ডাৱৰে কণী যেন ক’লা হৈ আহি থল থল্কৈ এজাক বৰষুণ দি আঁতৰি যায় । আকৌ ৰ’দ ওলায়। দাঁতি কাষৰীয়া হাবিৰ পৰা বনৰীয়া গছ-বনৰ ফুলৰ গোন্ধ বতাহত উৰি আহি মনবোৰ কিবা কিবা লগাবলৈ ধৰিলে।” (গগৈ ৫২) অসমীয়া প্ৰকৃতি জগতখন বিভিন্ন গছ-গছনি, ফুল-লতা, চৰাই-চিৰিকতি, জীৱ-জন্তুৱে জীপাল কৰি ৰাখিছিল। কপৌ, মৌপিয়া, ডাউক, দলকোঁহা, কামচৰাই, দৰিক, বনকুকুৰা, কণামুচৰি, শৰালি, ধিতাজ, পাকৈঢোৰা, বনৰীয়া হাঁহ ইত্যাদি বিভিন্ন চৰাইৰ লগতে হাতী, শহাপহু, কেটেলাপহু, সুগৰিপহু, খুটীয়া পহু, ম’হ ইত্যাদি বিভিন্ন জীৱ-জন্তুৰ উল্লেখ উপন্যাসখনত পোৱা যায়। গছ-গছনিৰ ভিতৰত হোলোং, শলখ, চাম, তিতাচপা, মেজাঙ্কৰী, সিজুগছ উল্লেখযোগ্য।
উৎসৱ-অনুষ্ঠান :
লোকজীৱনত উৎসৱ-অনুষ্ঠানৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। অসমীয়া লোকজীৱনত বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয়। নৈ বৈ যায় উপন্যাসত অসমীয়া সমাজত প্রচলিত বিভিন্ন উৎসৱ-অনুষ্ঠানৰ বৰ্ণনা পোৱা যায়। কৃষি উৎসৱ বিহু অসমীয়া লোকজীৱনৰ সামগ্রিক পৰিচয়। অসমীয়া মানুহৰ লোকজীৱনত বিহুৱে ব্যাপক প্রভাৱ পেলাইছে। বিহুক কেন্দ্ৰ কৰিয়েই অসমীয়া মানুহৰ জীৱন-যাত্ৰা পৰিচালিত হয়। উপন্যাসখনতো বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহুৰ পৰম্পৰাসমূহ বিস্তৃতৰূপত ৰূপায়িত কৰিছে। উপন্যাসখনত বহাগৰ সাত বিহুৰ উল্লেখ পোৱা যায়— “আমাৰ গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, ঘৰচীয়া জীৱ-জন্তুৰ বিহু, চেনেহী বিহু, চেৰা বিহু।” (গগৈ ৬৯) সেন্দূৰীপাম গাঁৱৰ ওচৰৰ কছাৰীসকলৰ সাত বিহুৰ নামো পোৱা যায় – “তেওঁলোকৰ সাতবিহু মাগোঁ, গৰু-বিহু, মানচই দোমাহী, মানুহ-বিহু, চাইমা, কুকুৰ বিহু, অমা, গাহৰি বিহু, ডাওনি, কুকুৰা বিহু, হাঁহ পাৰৰ বিহু আৰু মিতিৰ-কুটুমৰ বিহু।” (গগৈ ৬৯) অসমীয়া মাহবোৰেও অসমীয়া লোকজীৱনক প্ৰভাৱান্বিত কৰে— “বহাগত হুচৰি সবাহ, আহাৰত লখিমী সবাহ, আঘোণত ন-খোৱা, ফাগুনত ভাওনা।” (গগৈ ২৭ )
নৈ বৈ যায় উপন্যাসত বিহু উপলক্ষে অনুষ্ঠিত কণী যুঁজ, ম’হ যুঁজৰ বৰ্ণনাও পোৱা যায়। চ’ত মাহ সোমাবৰে পৰা কণী যুঁজ আৰম্ভ হয়— “ক’লী হাঁহৰ কণী টান, বৰা চাউল খোৱা হাঁহৰ কণী লেকেটীয়া, সতকাই নেভাগে।” (গগৈ ৫২) কণী যুঁজৰ বাবে ফাগুন মাহৰ পৰাই শিল-সৈয়া, পানী- সৈয়া কণী বাছি আছুতীয়াকৈ থৈ দিয়ে। ম’হ যুঁজৰ বাবেও আগতীয়াকৈ ম’হক সাজু কৰি লয়। ম’হ যুঁজৰ মাজেৰে উপন্যাসৰ নায়ক ভগীৰামৰ নিজৰ ভাৱাবেগ প্রকাশ পাইছিল— “মোৰ গাৰ বল আৰু মনৰ সাহস, গোনা ম’হটোত থুপ খালেগৈ। সিয়েই মই, ময়েই সি।” (গগৈ ২৪)মানুহৰ জীৱনৰ লগত জড়িত জন্ম, বিবাহ, মৃত্যুৰ বিভিন্ন ৰীতি-নীতি উপন্যাসত বিস্তৃতভাৱে বর্ণিত হৈছে। জন্মৰ প্ৰসংগত সন্তান সম্ভৱা নাৰীৰ ক্ষেত্ৰত গ্ৰহণ কৰা সাৱধানতা, আনুষ্ঠানিকতা, পঞ্চামৃত খুওৱা বিৱৰণ, সন্তানৰ জন্ম আৰু তাৰ পৰৱৰ্তী বিভিন্ন কাম, আনুষ্ঠানিকতাৰ বিৱৰণ, সন্তান প্ৰতিপালনৰ বিৱৰণ পোৱা যায়। ভগীৰামৰ মাতৃয়ে বোৱাৰী সুৱাগী অন্তঃসত্ত্বা হওঁতে কিছুমান নীতি-নিয়মৰ মাজেৰে চলিবলৈ উপদেশ দিছিল—“অলপ গা-চাই ফুৰিবি । বৰ কলহটোত পানী নানিবি। কাঁহৰ ডাঙৰ লোটাটো আৰু পিতলৰ সৰু কলহটোতে আনিবি ।টেঙা-টুকুচা কিবা খাবলৈ মন গ’লে খাবি; লাজ নকৰিবি। জীয়া মাছ, পোক-পৰুৱা নেমাৰিবি। দিনত নুশুবি। চোকা বস্তুনেখাবি। মৰা-শ নেচাবি। মৰিশালিৰ ফাললৈ নেযাবি। ৰাতি-বিয়লি হাতত চাকি নোলোৱাকৈ বাহিৰলৈ নোলাবি।’ (গগৈ১১২) পাঁচমাহত সুৱাগীক পঞ্চামৃত খোৱাৰ উপৰি নমাহত কেঁচা পিঠাগুৰি, এঁৱা গাখীৰ, পকাকল দি প্ৰসূতী সবাহ পাতিছিল ৷সন্তান জন্মৰ পিছত প্ৰসূতীগৰাকী সোনকালে সুস্থ হ’বলৈ কুচিয়া, চেং মৰা, বৰা চাউল, জালুক সিজাই জোল খাবলৈ দিয়াৰ উপৰি পুৱা-গধূলি ভেদাইলতা, সৰু মানিমুনি,মাটিকাদুৰি, নৰসিংহৰ পাতৰ লগত নহৰু বটি কাঠ মাছৰ সৈতে জোল কৰিখাবলৈ দিছিল। পৰম্পৰাগত প্ৰথামতে সন্তান জন্মৰ পঞ্চম দিনৰ দিনা কেঁচুৱা কোলাত লৈ সূৰ্য্য প্রণাম কৰিছিল আৰু পালনকৰিবলগীয়া নীতি-নিয়মবোৰ মানি চলিছিল।
অসমীয়া সমাজত স্থান পোৱা নাৰী কেন্দ্ৰিক আন এটি লোক উৎসৱ হ’ল তোলনী বিয়া বা নোৱাই-তোলনী বিয়া। সুৱাগীৰ কন্যা নৱমী গাভৰু হওঁতে চাউল এমুৰীয়া, তামোল-পাণ, চাকি এগছ তেলৰ বটল এটা দি দূৰণিটো সজায় আৰু কাষতে কাঁহৰ লোটা এটাত এলোটা পানী ভৰাই থয়। কন্যাকালত ছোৱালীয়ে ব্ৰতত থাকিব লাগে, চন্দ্ৰ-সূৰ্য্য, গৰু-ম’হ, পুৰুষ মানুহ চাবলৈ নাপায়। যোগ অনুযায়ী ব্রত পালন কৰিবলগীয়া হয়। সাতদিনৰ দিনা দৰা ৰূপত কল্পনা কৰা ভীমকলৰ পুলিৰ তলত নৱমীক গা ধোৱাৰ পিছত সেন্দূৰৰ ফোট দি কনাই কোলা ল’বলৈ দিয়ে।
উপন্যাসৰ আৰম্ভণিতে ভগীৰামৰ আৰু পৰৱৰ্তী অধ্যায়ত তেওঁৰ জ্যেষ্ঠ পুত্ৰৰ বিবাহৰ আয়োজনৰ পৰা আৰম্ভ কৰি কইনা আনি ঘৰ সুমুৱালৈকে এক বিস্তাৰিত বিৱৰণ সন্নিবিষ্ট কৰা হৈছে। বিবাহৰ সাদিনৰ আগতে সাতসাজ কাপোৰ, আ- অলংকাৰ, গুৰ-গাখীৰ, কোমল চাউল, তামোল-পাণ, মাহ-হালধিৰ টেকেলিৰে জোৰণ দিছিল। বিবাহৰ দিনা পানী তোলা, দৰা নোওৱা, নিশা ৰাইজৰ আশীৰ্বাদ লৈ দৰাৰ কন্যা ঘৰলৈ যাত্ৰা ইত্যাদি সকলো পৰ্বৰে বিস্তৃত বর্ণনা উপন্যাসখনত পোৱা যায়। সাধাৰণতে সেন্দুৰীপাম গাঁৱৰ কোঁচ-কলিতা সম্প্ৰদায়ৰ মানুহে হোম পুৰি কন্যা সম্প্ৰদান কৰে যদিও ভগীৰামৰ পুত্ৰৰ চঙীয়া প্রথামতে বিবাহ সম্পন্ন হৈছিল – “… কন্যাঘৰত চকলঙৰ আয়োজন কৰিছে। ৰভাৰ সোঁ মাজত এশ এখন চাকি জ্বলি ৰভাতলী পোহৰাই তুলিছে। কাষত হেংদান, কবচ-কাপোৰ, সাঁচিপতীয়া বুৰঞ্জী পুথি সজাই থৈছে।” (গগৈ ২১৬) খোজা- মেলাকৈ কৰা বিয়াৰ আয়োজনৰ লগতে মনে মনে ছোৱালী পলুৱাই নিয়া প্রথাও আছিল— “খোজা-বঢ়াকৈ বিয়া কৰিব খোজাবোৰে ফাগুনতে বিয়া পাতে, পলুৱাই নিব খোজাবোৰেও ফাগুনতে মন বান্ধে।” (গগৈ ৪৩)
ইয়াৰ উপৰি নৈ বৈ যায় উপন্যাসখনত আঘোণত ৰাজহুৱা ন-খোৱা উৎসৱৰ বিৱৰণ, ৰাজহুৱাকৈ ধান দাবলৈ কৰা
হাঁউৰি মতাৰ বিৱৰণ, লখিমী তোলা অনুষ্ঠানৰ বিৱৰণ, ন-ভুই ৰোৱাৰ দিনৰ বিভিন্ন আনুষ্ঠানিকতাৰ বিৱৰণ, বৰষুণ নোহোৱা হেতুকে ভেকুলী বিয়া আয়োজনৰ বিৱৰণ, ভূতৰ পূজা, কালিকা পূজা, আই-সবাহ ইত্যাদি উৎসৱৰ বিষয়ে বর্ণিত কৰা হৈছে। নৈ বৈ যায় উপন্যাসখনত লোকসমাজে খোৱা-বোৱা কৰা বিভিন্ন খাদ্যৰ উল্লেখ পোৱা যায়। অসমীয়া সমাজৰ
খাদ্যাভাস :
বেছিভাগ লোকেই কৃষিৰ লগত জড়িত কাৰণে উপন্যাসখনত ভাতৰ লগতে জা-জলপান, পিঠা-পনা, ফলমূল, শাক-পাচলি
আদি বিবিধ খাদ্য তথা ৰন্ধন প্ৰণালীৰ বৰ্ণনা পোৱা যায়। তদুপৰি মাছ-মাংসৰো উল্লেখ পোৱা যায়; উদাহৰণস্বৰূপে—
জা-জলপান ঃ কৰ্কৰা পঁইতা ভাত, কোমল চাউল, চিৰাভজা, সান্দহ গুৰি, গুৰ, গাখীৰ, বিভিন্ন বৰাধান; যেনেঃ পইতা বৰা, তিতাফুলীয়া বৰা, নলচুপি বৰা, বৰ বৰা, ঘিউ বৰা ইত্যাদি । পিঠা-পনা : জোন পিঠা, ভুৰুকীয়া পিঠা, খামুচীয়া পিঠা, উখুৱা পিঠা, ভাত পিঠা, সুতুলি পিঠা, ফেনী পিঠা।
শাক-পাচলি ঃ টেঙা -টুকুচা, কৰ্দৈ, টেপৰ টেঙা, পকা কুঁজি থেকেৰা, লাউ, বেঙেনা, কেৰেলা, হালধি, আলুগুটি, নহৰু, পনৰু, জলকীয়া, জিকা, ভোল ইত্যাদি। উপন্যাসখনত ব’হাগ বিহু উপলক্ষে এশ এবিধ শাকৰ নামৰ উল্লেখ পোৱা যায়; যেনে — সৰু মানিমুনি, বৰ মানিমুনি, মাটিকাদুৰি, লাইজাবৰী, মচন্দৰী, কেহেৰাজ, পানৌনোৱা, ওকলতি, ঢেকীয়ালতি, টংলতি, ভোমলতি, কেৰোলালতি, বৰ টেঙেচি, সৰু টেঙেচি, শিলকচু, ওলকচু, দহিকচু, তেলীকচু, পানী কচু, ল-বৰুৱা, টিকনি বৰুৱা, বন-জালুক, বন তিঁয়হ, বনখুতৰা, তিতাকেৰেলা, ভাতকেৰেলা ইত্যাদি।
ফল-মূল ঃ লেটেকু, ৰহদৈ, পনিয়ল, মধুৰিআম, থেৰেজ্জু, বিভিন্ন ধৰণৰ কল; যেনে ঃ – মালভোগ, বৰ্তমণি, চেনিচম্পা, লতা মনোহৰ, ফেঁচা মনোহৰ, বগী মনোহৰ ইত্যাদি।
,মাছ-মঙহ ঃ কাৱৈ, মাগুৰ, পুঠি, খলিহনা, পাভ, শিঙৰা, বৰালি, চিতল, আঁৰি, শাল, শ’ল, বৌ, হাঁহ, পহু ইত্যাদি। বিহুৰ সময়ত কোমল ধানৰ গোন্ধ, ভজা কৰাইৰ গোন্ধ, চিৰাধানৰ গোন্ধ, কুঁহিয়াৰ পেৰাৰ গোন্ধে অসমীয়া সমাজৰ পৰিৱেশ আমোল- মোল কৰি তোলে— “বিহু ওচৰ চাপি আহিছে। কুঁহিয়াৰণি বাৰীবোৰত কুঁহিয়াৰ পেৰা ধুম উঠিছে।” (গগৈ ৫৮)
অসমীয়া লোকজীৱনত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা খাদ্য হৈছে তামোল। অসমীয়া সমাজত ভাত খাই উঠি মুহুদি কৰাৰ সময়ত বা আলহী-অতিথি আহিলে তামোল আগবঢ়ায়। তামোলেৰে বিবাহত নিমন্ত্রণ জনোৱা হৈছিল৷ তামোল গছেৰে বিয়াৰ ৰভাৰ খুটাও দিছিল।জীবিকা :অসমীয়া লোকজীৱনত কৃষিয়েই হৈছে জীৱিকা নিৰ্বাহৰ প্ৰধান অৱলম্বন। উপন্যাসৰ নায়ক ভগীৰামক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ কৃষি কৰ্ম, তেলীশালত তেল পেৰাৰ বিৱৰণ, মুগা পোহাৰ বিস্তাৰিত বিৱৰণ, মাছৰ উজান, কুঁহিয়াৰণিত কুঁহিয়াৰপেৰা, হাতীৰ মহল আৰু হাতী ধৰা বৰ্ণনা সন্নিবিষ্ট কৰা হৈছে। কৃষিক লৈয়ে সেন্দূৰীপাম গাঁৱৰ মানুহৰ জীৱনযাত্ৰা নিৰ্ভৰ কৰে— “ এই পথাৰখন শুকাই গ’লে, আমাৰ আশাবোৰো মৰহি যায়, মন মৰি আহে। পথাৰৰ বোকা যিমান কোমল সিমান মিহি হয়, আমাৰ আশাও সিমানেই সতেজ হয়। পথাৰ, মাটি, বোকা আৰু আমাৰ জীৱন একেডাল নাড়ীৰে গোঁথা।” (গগৈ ১৪৬) অসমীয়া কৃষিজীৱী মানুহৰ বাৰী বিভিন্ন শাক-পাচলি, তামোল পাণ, ফলমূল আদিৰে ভৰি থাকে আৰু তেনেকুৱা বাৰীৰ প্ৰতিচ্ছৱি উপন্যাসখনত ৰূপায়িত হৈছে।
প্রাচীন সময়ৰে পৰা অসমত বেপাৰ বাণিজ্যৰ প্ৰচলন আছে। অসমীয়া মানুহে কৃষিকার্যৰ লগতে বিভিন্ন ধৰণৰ বেহা- বেপাৰ কৰি জীৱন-যাপন কৰি আহিছে। উপন্যাসখনত চমাৰ, মুচিয়াৰ, কমাৰ, কুমাৰ, সোণাৰী, কঁহাৰৰ উল্লেখ আছে। এওঁলোক নিজৰ নিজৰ কৰ্মক্ষেত্ৰত পাৰ্গত— “পোৱাল কমাৰে লোৰ মাজত তীখা জাপি দা-কটাৰী গঢ়িব জানিছিল। পোৱাল কমাৰৰ হাত দা-কটাৰীৰ ধাৰ নপৰে; যিমানে কাটে; সিমানে চোকা হয়; চিক্চিকাই থাকে।” (গগৈ ২৭৩) এওঁলোকে প্রাচীন অসমীয়া সমাজত প্রচলিত বিনিময় প্রথা অর্থাৎ দিয়া-লোৱা ব্যৱস্থাও কৰিছিল— “চূণপোৰাৰ বগী পোহাৰীয়ে ধানলৈ চূণ সলায়।” (গগৈ ২৭৩)
অসমীয়া সমাজত নামঘৰৰ ভূমিকা উল্লেখনীয়। নামঘৰে সমাজৰ মানুহৰ মাজত ঐক্য বিৰাজ কৰি ৰাখে। সকলোৱে লগ হৈ নামঘৰত সেৱা লয় — “ সেই দিনাই নামঘৰত বসবাহ। বছৰেকীয়া বৰসবাহ।” (গগৈ ১৬৬)
গীত-মাত ঃ.
অসমীয়া সমাজত প্ৰচলিত লোকগীত-মাত্ৰ মাজেতেই অসমীয়া জাতিৰ সত্ত্বা লুকাই আছে। নৈ বৈ যায় উপন্যাসখনত অসমীয়া সমাজত প্ৰচলিত বিহুনাম, বিয়াৰ বিভিন্ন প্রসংগত গোৱা নাম, ভেকুলী বিয়াৰ নাম, নিচুকণি গীত, আইসবাহৰ নাম ইত্যাদি বিভিন্ন ধৰণৰ গীত-মাতৰ উল্লেখৰ মাজেৰে অসমীয়া লোকায়ত সমাজখনক প্ৰতিভাত কৰি তুলিছে। বিহুনামৰ মাজেৰে ডেকা-গাভৰুৰ প্ৰেমৰ চিত্ৰ দাঙি ধৰিছে—
“আজি বিহু বিহু
কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ,
নাহৰ ফুলৰ গোন্ধ পাই
লাহৰীৰ তৎ নাই
উজটিত ভাঙি যায় যঁতৰ।” (গগৈ ৬৮)
সেন্দূৰীপাম গাঁৱৰ বিহুৱা, নাচনীসকলে ঢুলীয়া, পেঁপা, গগনা, বিহুৱান, শৰাই, হাঁচতি লৈ হুচৰি গাই গৃহস্থক আশীর্বাদ প্ৰদান কৰে। ভগীৰামৰ জ্যেষ্ঠপুত্ৰৰ বিয়াত জোৰণ দিওঁতে, দৰা নোৱাতে, দৰা বিদায়ৰ সময়তো গাঁৱৰ নাৰীসকলে বিয়াগীত পৰিবেশন কৰিছিল। অসমীয়া সমাজত প্ৰচলিত জনপ্ৰিয় যোৰানামৰো উল্লেখ পোৱা যায়—
“ অ’ পকাভেকুৰি,
দৰাঘৰীয়া মানুবোৰ
যেন বোন্দা মেকুৰী।” (গগৈ ২১৭)
বহুত দিন বৰষুণ নিদিয়াৰ বাবে কৃষকসকলে বৰষুণৰ আশাত ভেকুলী বিয়াৰ আয়োজন কৰি ভেকুলী বিয়ানাম গাইছিল—
“মেঘে কৰে এগা-গুমা
ভেকুলীৰে বিয়া;
আজি প্ৰভু ৰক্ষা কৰা
সূৰুয মুখে বাকা।” (গগৈ ১৪
লোকবিশ্বাস :
প্রত্যেক জাতিৰ পৰম্পৰাগত বিশ্বাস-অবিশ্বাস, লোকবিশ্বাস সম্পৰ্কীয় নিজা আৰু সুকীয়া মৰ্যাদা আছে। উপন্যাসখনতো
অসমীয়া সমাজত গঢ় লৈ উঠা বিভিন্ন লোকবিশ্বাস ৰূপায়িত কৰা হৈছে।
অসমীয়া সমাজত সমাজ বা ঘৰৰ বিৰুদ্ধে সন্তানে কাম কৰিলে কোনোবাই আহুদি খুৱালে বুলি বিশ্বাস কৰা হয়। উপন্যাসৰ নায়ক ভগীৰামৰ ছোৱালী নৱমীক পলুৱাই নিওঁতে কৈছিল— “যি কুকুৰেও এনেকৈ আগমঙহ চাই কামোৰ মাৰিব বুলি জনা নাছিলোঁ সি নৱমীক আহুদি খুৱাই পলুৱাই নিলে।” (গগৈ ২০৩)
অসমীয়া লোকজীৱনত ভূত-প্ৰেতৰ অৱস্থিতি উপলব্ধি কৰি ভূতৰ পূজা, গোসাঁনী পূজা, কালিকা পূজা পাতিছিল। ভূত-প্ৰেতৰ পৰা সাৰিবলৈ লোৰ বস্তু ব্যৱহাৰ কৰা হয়। লোৰ বস্তু থাকিলে বা সৰিয়হ চটিয়ালে সাধাৰণতে ভূত-প্রেত নাহে বুলি বিশ্বাস কৰা হয়। উপন্যাসখনৰ নায়কে কৈছিল— “… মোক দা এখন আৰু জোৰ এটাৰ দিলে মই অকলেই যাব পাৰিম।” (গগৈ ২২)
অসমীয়া লোকজীৱনত বেজ, কবিৰাজৰ যথেষ্ট প্ৰভাৱ আছে। বিভিন্ন প্ৰকাৰৰ অপায়-অমঙ্গল, আলৈ-আহুকাল, বিলাই- বিপত্তি, বেমাৰ-আজাৰ আদিৰ মূল কাৰক হ’ল কিছুমান অপশক্তি। অপশক্তিৰ পৰা মুক্তি পাবলৈ বেজ-বেজালিৰ আশ্ৰয় লোৱা হয়। খৰিকা মাৰি মঙল চাই ভৱিষ্যতৰ ভাল-বেয়া দিশ চোৱা হয়। ম’হ যুঁজত জিকিবলৈ সেয়াও বাই-লুঙলী বুঢ়ীয়ে খৰিকা মঙল চাই কৈছিল— “খৰিকা মাৰি বুঢ়ীয়ে ক’লে, ‘ম’হ জিকিব। মনৰ বাঞ্চা পূৰণ হ’ব, নহ’লে বাইলুঙনীৰ মুখ চুৱা হ’ব।” (গগৈ ৩১) সুৱাগীক পলুৱাই আনিব পাৰিবনে নে নাই সেয়াও ৰঙাই বেজৰ ওচৰলৈ গৈ ভগীৰামে মঙল চাইছিল। বেজৰ মাদলি লৈ সুৱাগী গৰ্ভৱতীও হৈছিল।
অসমীয়া লোকজীৱনত কিছুমান কাম সকলো বাৰ, তিথি বা মাহত নকৰে, উদাহৰণ স্বৰূপে—
ক) “কাইলৈ পূর্ণিমা। তাঁত কাটিব নেপায়।” (গগৈ ৩৯)
খ) “আউসী শনিবাৰ। তাঁতখন শালত আঁৰিবলৈ হাক দিলে।” (গগৈ ১১৭)
গ) ‘ভাদত জগা গাই গৰুৰ গাখীৰ, ঘাইকৈ কলী গাইৰ গাখীৰ শূদিৰ মানুহে খাব নেপায়, সাত পুৰুষ নৰকত পৰে।”
(গগৈ ১৫৬)
ঘ) গৰ্ভৱতী নাৰীৰ ক্ষেত্ৰত— “কাইলৈ আঁউসী, পৰহিলৈ প্ৰতিপদ। মাকৰ ঘৰলৈ জীয়ৰী যাব নেপায়।” (গগৈ ১২০)
ঙ) “ভাদৰ অষ্টমী তিথিত নামঘৰত ভাওনা হয়। সেইদিনা হাল খেতি, ৰোৱা তোলা নিষেধ।” (গগৈ ১০২)
বিহুৰ লগতো কিছুমান লোকবিশ্বাস জড়িত হৈ থাকে। গৰু বিহুৰ দিনাখন গৰুই পুৱা শুই থকা অৱস্থিতি চাই বানপানী হ’ব নে খৰাং হ’ব সেয়া জানিব পাৰি – … গৰু বিহুৰ দিনা পুৱা গোহালিত গৰু শুই থাকিলে পানী তাকৰীয়া হয় কিন্তু থিয় হৈ থাকিলে বান পানী হয়।” (গগৈ ৬৩) বিহুত নাহৰ পাতত মন্ত্ৰ লিখি বেৰত গুঁজি থোৱাটো নিয়ম, যাতে ধুমুহা, বৰষুণ, খৰ, বা মালি, বিজুলী-ঢেকেনিয়ে খেতি পথাৰত বিঘিনি নঘটায়।
গৰ্ভৱতী সময়ত নাৰীয়ে বহুতো নীতি-নিয়ম মানিবলগীয়া হয়। জীয়া মাছ, পোক-পৰুৱা, সাপ, গুই, হাঁহ পাৰ মাৰিব নেপায়। মৰিশালিৰ ফাললৈ যাব নালাগে। চন্দ্ৰগ্ৰহণৰ সময়ত মাটিত ভৰি দিব নালাগে। শোৱাপাটিত উঠি গ্ৰহণৰ সময়ত চেঁচাপানী এটুপিও খাবলৈ নিদিয়ে। উপন্যাসখনত সুৱাগীয়েও গৰ্ভৱতী অৱস্থাত এই নিয়মবোৰ মানি চলিছিল।
সন্তান জন্মৰ পিছতো কিছুমান লোকবিশ্বাস জড়িত হৈ থাকে। ভূত-প্ৰেতৰ পৰা হাত সাৰিবলৈ কেঁচুৱা থকা ঘৰৰ দুৱাৰ মুখত বগৰী জেং আৰু চিৰী এচটা আঁৰি দিয়া হয়। পানীত পৰি নমৰিবৰ বাবেও জন্মৰ পাঁচদিনাৰ দিনা কিছুমান নীতি-নিয়ম পালন কৰা হয়। কেঁচুৱাই হঠাতে কান্দিলে কিবা দায়-দোষ লগা বুলি সৰিয়হ জুইত ছটিয়াই দিয়ে।
তোলনী বিয়া, বিবাহ এইবোৰ সামাজিক অনুষ্ঠানতো বহুতো বিশ্বাস জড়িত হৈ থাকে। তোলনী হোৱা ছোৱালীয়ে ব্ৰতত থাকিব লাগে আৰু ব্ৰতৰ কেইদিন চন্দ্ৰ, সূৰ্য্য, গৰু, ম’হ, পুৰুষ মানুহ চাবলৈ নাপায়। বিবাহৰ ক্ষেত্ৰত বৰ পো-জীয়ৰীৰ বিয়া হ’ব নেপায়। ফেঁচাই দীঘলীয়া উৰুলি দিলে বিয়াৰ দিন পৰিছে বুলি ভবা হয়।
অসমীয়া লোক সমাজত দায়-দোষ বা জগৰ লগালে পৰাচিত কৰি ক্ষমা কৰি দিয়া ব্যৱস্থা প্ৰচলিত হৈ আহিছে। সুৱাগীক পলুৱাই আনোতে ভগীৰামে ৰাইজৰ ওচৰত ক্ষমা বিচাৰি পৰাচিত হৈছিল। সমাজত অলপ অনিয়ম হ’লেই গোসাঁইৰ দণ্ড লৈ পৰাচিত হ’ব লগীয়া হয়। সুৱাগীৰ ভাতৃ যোগাই ৰণলৈ যোৱা বাবে পিতৃৰ মৃত্যুৰ সময়ত আহোঁতে পৰাচিত হ’বলগীয়া হৈছিল।
লোকভাষা :
লোক সমাজৰ জীৱনযাত্ৰাত যি ধৰণৰ ভাব-ভাষা প্ৰকাশ কৰা হয়, সেয়াই লোকভাষা। নৈ বৈ যায় উপন্যাসত ঔপন্যাসিকে
কাহিনীৰ উপস্থাপন, চৰিত্ৰ চিত্ৰণ, পৰিৱেশ পৰিস্থিতি সৃষ্টিত লোকভাষা, ফকৰা-যোজনা, প্রবাদ-প্রবচন, জতুৱা ঠাঁচ আদি সার্থকভাৱে প্ৰয়োগ কৰা দেখা যায়। উপন্যাসখনত উল্লিখিত ঘৰুৱা কথাৰ উদাহৰণ হ’ল— “এক তিৰীৰ পৈ লোদোৰ- পোদোৰ, দুই তিৰীৰ গাঁতৰ এন্দুৰ। ময়ো গঁতুৱা এন্দুৰ হ’লোঁ। সতিনীৰ থৈয়া-নথৈয়া ৰণ দিনক দিনে বাঢ়ি গ’ল।” (গগৈ (১০৮)
লোকভাষাত গালি-শপনি অন্যতম। উপন্যাসখনত অসমীয়া মানুহৰ মুখত গালি-শপনি জাতীয় বিভিন্ন শব্দৰ প্ৰয়োগ লক্ষণীয়; যেনেঃ— হতচিৰী, খেকাৰ খোৱা ইত্যাদি। উপন্যাসখনত থকা দ্বিৰুক্তিবাচক, অনুকাৰ অনুৰূপ শব্দয়ো লোকভাষাক সমৃদ্ধ কৰি তোলে; যেনে :– তলা-নলা, মাটি-ভেটি, থৈয়া-নথৈয়া, কেটেৰ-জেঙেৰ, থেকেছ নেকেছ, জুটুলী-পটুলী, মিট- মাট, লাচনি-পাচনি, অঙহী-বঙহী, চেংচেং, ভক্ ভক্, থেহ থেহ, খিটি খিটি, খি খিৰ্, ধুমুৰ-ধুমুৰ, গিৰিপ্ গিৰিপ্, লাল- কাল, চক্ মক্ ইত্যাদি। সম্বন্ধবাচক শব্দ কিছুমান হ’ল— তাৱৈ, পেহী, আই, শাহু, বোপা, ককা ইত্যাদি।
অসমীয়া লোকজীৱনত প্ৰবাদ-প্রবচন, জতুৱা ঠাঁচ, ফকৰা-যোজনাই সমাজৰ সামাজিক আৰু পাৰিবাৰিক জীৱনৰ ভাবৰ অৰ্থ প্ৰকাশ কৰাত সহায় কৰে। উপন্যাসখনতো স্থান বিশেষে গার্হস্থ্য আৰু সামাজিক জীৱনৰ সূক্ষ্মাতিসূক্ষ্ম দিশবোৰক প্ৰতিফলিত কৰিব পৰা ভালেখিনি ফকৰা-যোজনা, প্রবাদ-প্রবচনৰ প্ৰয়োগ ঘটিছে, যেনে—
ক) “আছে কপালত নিব কোনে; নাই কপালত দিব কোনে।” (গগৈ ১০)
খ) “কানীয়াৰ লগত ঘৰ কৰাতকৈ বনবাসী হোৱাও ভাল।” (গগৈ ১২)
গ) “ বকানিতো ভাল আমৰ পুলি গজে।” (গগৈ ১৮) ঘ) “বাওনা হৈ জোনলৈ হাত নেমেলে।” (গগৈ ১৯)
ঙ) “কপালৰ লিখন কোনে খণ্ডাব।” (গগৈ ৪১ )
চ) “সাপ হৈ খুটি বেজ হৈ জাৰে।” (গগৈ ৫৬)
ছ) “ভাতৰ তিতা সহিব পাৰি মাতৰ তিতা সৰিব নোৱাৰি।” (গগৈ ৫৯) জ) “ ন-তেন-অৰাঁ পুৰণি হ’লে ছ অৰাঁ৷” (গগৈ ১০১ )
ঝ) “জুইশাল নষ্ট কৰে জেওৰাৰ খৰি, ঘৰ নষ্ট কৰে ডকৰীয়া বুঢ়ী।” (গগৈ ১৫৮)
ঞ) “কাউৰীৰ বাহত কুলিৰ পোৱালি জগিল।” (গগৈ ২৩৫)
ট) “মাক ভালেই জীয়েক জাতি।” (গগৈ ২৬৭)
নৈ বৈ যায় উপন্যাসত লোকজীৱনৰ পৰিৱৰ্তন ঃ
সমাজ, সংস্কৃতি, পৰম্পৰা স্থবিৰ নহয়, ই বোঁৱতী সুঁতিৰ দৰে। তথাপি অসমীয়া লোকজীৱনৰ লগত জড়িত বিভিন্ন ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, সামাজিক দিশ, সমাজ ব্যৱস্থাক সাম্প্রতিক সময়তো অসমীয়া মানুহে সম্পূৰ্ণৰূপে উপেক্ষা কৰিব নোৱাৰে। ঔপন্যাসিকে নৈ বৈ যায় উপন্যাসখনৰ জৰিয়তে সমাজত অহা পৰিৱৰ্তনসমূহ বিভিন্ন দিশত বিশেষকৈ চিকিৎসা সেৱা, শিক্ষা, সাজ-পাৰ, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, মাত-কথা, যাতায়াত ব্যৱস্থা, সম্বন্ধৰ ক্ষেত্ৰত বাস্তৱসন্মত ৰূপত উপস্থাপন কৰিছে। নগৰীয়া জীৱনৰ প্ৰতিপত্তি লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে আৰু গাঁৱৰ যৌথ পৰিয়ালৰ ভাঙনমুখী ছবি দেখিবলৈ পোৱা গ’ল। সেয়েহে ভগীৰামে কৈছিল— “এই গাঁওখনলৈ আমাৰ ঘৰখনেই নতুন নতুন বস্তু আনিছে। প্রথম চাইকেলখন, প্রথম ঘড়ীটো, প্ৰথম ৰেডিঅ’টো, প্ৰথম চকী-মেজ আমাৰ ঘৰতে সোমাইছে। ভাবিছিলোঁ, ঘৰখনত এটা ডাক্তৰ লাগে । গাঁওখনে চিনাকি ডাক্তৰক এষাৰ কথা মন মুকলি কৰি ক’ব পাৰিব। যি সময়ত বিজনক ডাক্তৰী পঢ়াবলৈ পঠালোঁ, তেতিয়াই নৈৰ গৰা খহনীয়া আৰম্ভ হ’ল। আমাৰ ঘৰখনতো গৰাখহনীয়া লাগিল।” (গগৈ ২৪০ )
সকলো বস্তু সহজতে বজাৰত পোৱা গৈছিল কাৰণে মানুহৰ কৃষিৰ বা সংস্কৃতিৰ প্ৰতি শিল্পকৰ্মৰ প্ৰতি অনীহা ভাৱ দেখিবলৈ পোৱা যায়— “দোকানত বাৰে-বৰণীয়া বস্তু ওলাইছে। ৰং-বিৰঙৰ হকে মনোহাৰী মাল আহিছে।” (গগৈ ১৯৬) নাৰীসকলে মণিছালৰ গুটিৰ পৰিৱৰ্তে চাবোন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। অলংকাৰ সাজপাৰৰ ক্ষেত্ৰতো পৰিৱৰ্তন আহিছিল। সাজপাৰৰ ক্ষেত্ৰত শাৰীৰ প্ৰচলন দেখিবলৈ পোৱা গৈছিল— “মই হ’লে এদিনো ৰিহা মেখেলা পিন্ধাও দেখা নাই । অনবৰত শাৰীহে পিন্ধি থাকে, সিও ফুলাম, জিজিলীয়া, জীঞা পাখি যেন পাতল।” (গগৈ ২৬১) সংস্কৃতিৰ ক্ষেত্ৰতো
শিথিলতা দেখিবলৈ পোৱা যায়। ঔপন্যাসিকে কৈছিল যে আগৰ দিনত বহুত নিয়ম-কানুন আছিল, আজিকালি উঠি গৈছে। সকলো ৰীতি-নীতি পালিবলৈ মানুহে টানো পায়, লাজো পায়। বাদ্য যন্ত্ৰৰ ক্ষেত্ৰত নাম-প্ৰসংগত ভোৰতাল, সকাম-নিকামত গায়ন-বায়নে খোল-মৃদং বজায় যদিও ডেকা ল’ৰা- ছোৱালীয়ে গোৱা নতুন গানবোৰৰ লগত কিবা নতুন বাজনা বজায়, সেইবোৰৰ নাম নাজানো বুলি ভগীৰামে উপন্যাসত প্ৰকাশ কৰিছে। ভাষাৰ ক্ষেত্ৰত অহা পৰিৱৰ্তনসমূহ ঔপন্যাসিকে উপন্যাসখনত বিস্তৃতভাৱে বৰ্ণনা কৰিছে— “স্কুলৰ কিতাপবোৰতো অনেক নতুন কথা। পঢ়িব পাৰোঁ, বুজিব নোৱাৰোঁ। আমি লাট চাহাব, চাহাব, চোটচাহাব, মাটিৰ থাকিম, মুন্চিপ, পেস্কাৰ, চিৰস্তাদাৰ বুলিছিলোঁ, আজিকালি যিবোৰ শব্দ ওলাইছে, জিভাতে নুফুটে, দাঁত ভাগিব খোজে, আমাৰ দিনত সেইবোৰ বস্তুও নাছিল, শব্দও নাছিল।” (গগৈ ২৬২)
লোকজীৱনত অহা পৰিৱৰ্তন কিছুমানে মানুহৰ জীৱনধাৰালৈ উন্নতিৰ লগতে জীৱন যাত্ৰাও সুচল কৰি তুলিছিল বিশেষকৈ যাতায়াত, শিক্ষা, চিকিৎসাৰ ক্ষেত্ৰত । অৱশ্যে কিছুমান পৰিৱৰ্তনে লোক জীৱনত অনিশ্চয়তা, হতাশা কঢ়িয়াই লৈ আনিছিল, বিশেষকৈ যৌথ পৰিয়ালৰ ভাঙোন, ৰাগিয়াল বস্তুৰ প্ৰতি আসক্তি, ভাষা, সম্বন্ধ ইত্যাদিৰ ক্ষেত্ৰত। সেয়েহে ঔপন্যাসিকে কৈছিল যে সমাজৰ ৰূপ আৰু ৰং সলনি হৈছে। বস্তুৰ দাম বাঢ়িছে, মানুহৰ দাম কমিছে। মুঠতে বিজ্ঞানে প্ৰকৃতিৰ লগত ফেৰ মাৰিছে, প্ৰকৃতি হাৰিছে।
সামৰণি ঃ
নৈ বৈ যায় উপন্যাসখনক লোকজীৱনৰ অন্তৰ্গত ভৌতিক সংস্কৃতি, সামাজিক লোক আচাৰ-অনুষ্ঠান বা লোকাচাৰ, লোক পৰিবেশ্য কলাৰ সমাহাৰে সমৃদ্ধিশালী কৰি তুলিছে। লোক-সংস্কৃতি, লোকবিশ্বাস, লোকজীৱনক পৰিহাৰ কৰি প্ৰকৃত সাহিত্য ৰচনা হ’ব নোৱাৰে। জনজীৱনৰ হাঁহি-কান্দোন, পোৱা-নোপোৱাৰ কথাক লৈয়ে সাহিত্য ৰচিত হয়। উপন্যাসখনত লোক জীৱনৰ থলুৱা পৰম্পৰাক বিস্তৃতভাৱে বৰ্ণনা কৰাৰ লগতে আধুনিকতাৰ পথত আগবাঢ়ি যোৱা সমাজখনত হোৱা পৰিৱৰ্তনৰ ফলত অসমৰ থলুৱা-লৌকিক সমাজৰ অনেক আচাৰ-অনুষ্ঠান যে লোপ পাইছে সেয়াও যুক্তিসন্মতভাৱে উত্থাপিত কৰিছে। শেষত ঔপন্যাসিকৰ ভাষাত ক’ব পাৰি যে নৈৰ সোঁত কোবাল; সদায় ভাটিমুৱা, উভতনি অসম্ভৱ। খহনীয়াই খহাই নিয়া দুয়ো পাৰৰ মাজত নৈখন বৈ আছে, পানীবোৰ গৈ আছে; গৈ থাকিব। তথাপি এই আওপুৰণি নৈখনে নিজৰ চিনাকি দি জীয়াই থাকিব। পাৰৰ মানুহবোৰ মৰি-হাজি নাইকিয়া হ’ব; মানুহবোৰক লগত পুৰণি সমলবোৰ মৰি-হাজি নাইকিয়া হ’ব, মানুহবোৰৰ লগতে পুৰণি সমলবোৰ জহি-খহি যাব। নতুন মানুহবোৰৰ মনো নতুন, নতুন সমল চপাই-বুটলি নতুন সমাজ পাতিব; পাতিছে।
গ্রন্থপঞ্জী :
গগৈ, লীলা । নৈ বৈ যায়। ডিব্ৰুগড় ঃ বনলতা, ২০০৪। মুদ্রিত।
ঠাকুৰ, নগেন (সম্পা.) । এশ বছৰৰ অসমীয়া উপন্যাস। গুৱাহাটী ঃ জ্যোতি প্রকাশন, ২০০০। মুদ্রিত।
বৰুৱা, বিৰিঞ্চি কুমাৰ । অসমৰ লোকসংস্কৃতি। গুৱাহাটী : বীণা লাইব্ৰেৰী, ১৯৮৯। মুদ্রিত।