জীৱন

ড° বিজুমণি দত্ত
সহকাৰী অধ্যাপিকা
সাপেখাতী মহাবিদ্যালয়
সাপেখাতী, চৰাইদেউ

পাখি মেলি উৰি যায়
সপোন সোণোৱালী,

আশাৰ পানচৈত উটি যায়
দুখৰ মেটমৰা বোজা,

হাঁহিৰ পাহিত শুকাবলৈ দিওঁ
দুচকুৰ নীৰ,

সহিষ্ণুতাৰে সামৰি
ৰুক্ষতাৰ কুঠাৰাঘাত
মিহলি কৰো
বুকুৰ হুমুনিয়াহবোৰ

কপহুৱা ডাৱৰৰ ফাঁকেৰে
আলসুৱা জোনে সুহুৰিয়ায়,
ভঙা সপিনবোৰ তাচপাতৰ দৰে
জুকিয়াই আৰম্ভ কৰো খেলিবলৈ
জীৱনৰ খেল।