সম্পাদকীয়

কৃত্রিম বুদ্ধিমত্তা, ডিজিটেল ইণ্ডিয়া আৰু আমি

সাম্প্রতিক সময়ত বিশ্বব্যাপী বহুলভাৱে উচ্চাৰিত আৰু ব্যৱহৃত এক প্রযুক্তিগতবিষয় হৈছে কৃত্রিম বুদ্ধিমত্তা। কৃত্রিম বুদ্ধিমত্তাসম্পন্ন উচ্চ প্রযুক্তি আৰু কম্পিউটাৰৰদ্বাৰা পৰিচালিত হৈ আছে আমাৰ দৈনন্দিন জীৱন। মানুহে প্ৰাকৃতিক বুদ্ধিমতাৰে কৰিব পৰা বহুতো কাম এতিয়া ডিজিটেল কম্পিউটাৰ বা কম্পিউটাৰৰদ্বাৰা পৰিচালিত যন্ত্ৰমানৱে সম্পাদন কৰিবলৈ লৈছে। উচ্চ ক্ষমতাসম্পন্ন কম্পিউটাৰ, এলগৰিথমত হোৱা ব্যাপক সফলতা আৰু খন্তেকতে হাতৰ মুঠিত পাব পৰা বিপুল পৰিমাণৰ তথ্য লাভৰ সুবিধাই কৃত্রিম বুদ্ধিমত্তাক নতুন ধৰণে সমৃদ্ধ কৰি তুলিছে। ইয়াৰ লগে লগে কৃত্রিম সাধাৰণ বুদ্ধিমত্তা (Artificial General Intelligence), কৃত্রিম অতি উত্তম বুদ্ধিমত্তা Artificial Super Intelligence) আদি প্ৰযুক্তিৰ বিষয়েও পৰিকল্পনা আৰু চিন্তা চৰ্চা কৰি থকা হৈছে। এনে ব্যৱস্থাত সম্পূৰ্ণ মানুহৰ দৰে শিকিব বুজিব পৰা আৰু মানুহতকৈও অধিক বুদ্ধিমত্তা থকা যন্ত্ৰৰদ্বাৰা সকলোখিনি পৰিচালনা হ’ব বুলি বিভিন্ন মাধ্যমত প্রকাশ পাইছে।এনে ধৰণৰ চিন্তা চৰ্চাৰপৰা এটা কথা স্পষ্টকৈ বুজিব পাৰি যে কৃত্রিম বুদ্ধিমত্তাৰ নিৰ্মাণ আৰু উন্নীতকৰণৰ বাবে সমগ্ৰ মানৱ সমাজ এনে জ্ঞানৰ অধিকাৰী হ’ব লাগিব। সঠিকভাৱে প্রগামিং কৰা, যিকোনো ধৰণৰ কঠিন কাম তাৎক্ষণিকভাৱে পৰিচালনা কৰিবৰ বাবে প্ৰতিজন ব্যক্তিয়েই বিশ্লেষণাত্মক চিন্তা, জটিল সমস্যা সমাধানৰ বিশেষ দক্ষতা, সৃষ্টিশীলতা, ব্যৱস্থাপনা দক্ষতা, আবেগিক বুদ্ধিমত্তা, সুবিচাৰৰ দক্ষতা, প্ৰত্যাহ্বান আৰু সুবিধাৰ সমন্বয় সাধন কৰিব পৰা বিশেষ দক্ষতা, তাৎক্ষণিক কৌশল ইত্যাদি গুণেৰে সমৃদ্ধ হ’ব লাগিব। অতি দক্ষ আৰু প্ৰযুক্তিসমৃদ্ধ  ব্যক্তিয়েহে এনে পৃথিৱীত সর্ব সুবিধাৰ অধিকাৰী হ’ব। গতিকে এটা কথা সহজেই অনুমেয় যে অদূৰ ভৱিষ্যতে বিশ্বৰ নিয়োগ, উদ্যোগ, বিজ্ঞান, শিক্ষা, কৃষি আদি সকলো ক্ষেত্ৰতে ‘Low Pay for Low Skill’ আৰু ‘High Pay for High Skill’ নীতিৰ প্ৰযোজ্য হ’ব, যিয়ে সমাজ ব্যৱস্থাত সামাজিক উদ্বিগ্নতাৰ সৃষ্টি কৰাৰ যথেষ্ট সম্ভাৱনা আছে।

কৃত্রিম বুদ্ধিমত্তাৰে পৰিচালিত অনলাইন শিক্ষা ব্যৱস্থাৰ গুৰুত্ব আৰু অপৰিহাৰ্যতাৰ বিষয়ে ক’ভিড মহামাৰীৰ সময়ছোৱাত বিশ্বৰ প্ৰতিজন নাগৰিকেই অনুধাৱন কৰিবলৈ সক্ষম হৈছিল। অনলাইন শিক্ষা, ডিজিটেল ক্লাছৰুম, ই পাঠ্যক্ৰম, ৱেবিনাৰ, অনলাইন কৰ্মশালা আদিৰ প্ৰয়োজনীয়তা আৰু জনপ্ৰিয়তা বৃদ্ধিৰ সমান্তৰালকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সম্পাদন হোৱা শিক্ষাখণ্ডৰ কামৰ পৰিসৰো ক্ৰমাৎ বৃদ্ধি পাই আহিছে। কম্পিউটাৰৰ সহায়ত বুদ্ধিমত্তা ব্যৱহাৰ কৰি বৃত্তিমুখী শিক্ষা প্রদান, শিক্ষাৰ উপকৰণ প্ৰস্তুত, পাঠ্যক্ৰমৰ ত্রুটিসমূহ চিনাক্তকৰণ আৰু সংশোধন কৰা, বহুবিকল্প প্রশ্নোত্তৰ (multiple choice question)ৰ মূল্যায়ণ, বৌদ্ধিক সৃষ্টিৰাজিৰ স্বত্বাধিকাৰ বিচাৰ কৰা – আদি সাধাৰণ ঘটনাৰ দৰে হৈ পৰিছে। ইয়াৰ লগে লগে উদ্ভাৱনীমূলক চিন্তা-চৰ্চা আৰু সৃষ্টিশীলতাৰ বাবে ডিজিটেল মঞ্চৰ ব্যৱহাৰ বহু পৰিমাণে বৃদ্ধি পাইছে। বৰ্তমানৰ ডিজিটেল বিশ্বত নতুন ভাৰত গঢ়াৰ স্বপ্নক সফল কৰাৰ উদ্দেশ্যেৰে ভাৰতবৰ্ষই চতুর্থ উদ্যোগিক বিপ্লৱৰ কাৰ্যসূচীক প্রাধান্য দিছে। এনে কাৰ্যসূচীৰ ফলস্বৰূপে প্ৰযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাসম্পন্ন যন্ত্ৰৰ প্ৰয়োগেৰে দক্ষতা বিকাশৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে। বিগত সময়ছোৱাত ডিজিটেল ইণ্ডিয়া অভিযানে প্রতিজন নাগৰিকৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিছে। দেশৰ প্ৰশাসন, শিক্ষা, স্বাস্থ্য, বাণিজ্য, উদ্যোগ, বেংকিং, নিয়োগ, কৃষি, উৎপাদন, পৰিবহণ, পৰ্য্যটন, ৰাজহ, বিদ্যুৎ, নথি পৰীক্ষণ আদি সকলো বিভাগৰে কাম কাজৰ ডিজিটেলাইজ প্রক্রিয়া আৰম্ভ হৈ গৈছে। সেয়েহে ডিজিটেল ইণ্ডিয়াৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্য আগত ৰাখি চৰকাৰ আৰু বিভিন্ন প্রতিষ্ঠানসমূহে কৃত্রিম বুদ্ধিমত্তাৰ উদ্ভাৱন আৰু সম্প্ৰসাৰণত গুৰুত্ব দি সেইসমূহ জনসাধাৰণৰ সন্মুখত উপলব্ধ কৰাৰ ওপৰত গুৰুত্ব দিছে।উল্লেখযোগ্য যে, ভাৰতবৰ্ষৰ কৃষি, বিত্ত আৰু শিক্ষাখণ্ডত ডিজিটেল আন্ত:গাঁথনি শক্তিশালী কৰি তুলিবৰ বাবে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ৭৬০৩.৫ কোটি টকা আৰু ২০২৩-২৪ বৰ্ষত ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ বাবে ৪৭৯৫.২৪ কোটি টকা ধাৰ্য কৰা হয়। এইখিনিতে প্রণিধানযোগ্য যে ডিজিটেল ইণ্ডিয়া আৰু নিউ ইণ্ডিয়াৰ দৃষ্টিভংগী বাস্তৱায়িত কৰি কেন্দ্ৰীয় চৰকাৰে বাজেট দাখিলৰ ক্ষেত্ৰত পুৰণি প্ৰথা পৰিহাৰ কৰি ‘কাগজবিহীন বাজেট’ (papertess budget) দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু Union Budget নামৰ এপত সম্পূৰ্ণ বাজেট উপলব্ধ কৰা হৈছে। সাধাৰণ জনতাক ডিজিটেল শিক্ষাৰে শিক্ষিত কৰি তুলিবৰ বাবেও ভাৰত চৰকাৰে কেবাটাও পদক্ষেপৰ বিষয়ে উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী গ্ৰাম্য ডিজিটেল সাক্ষৰতা অভিযান’ কাৰ্যসূচীৰ জৰিয়তে গ্ৰাম্য পৰিয়ালত ডিজিটেল সাক্ষৰতা প্ৰদানৰ কাৰ্যসূচী চলাই থকা হৈছে। ইয়াৰ লগতে ইলেকট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (Ministry of Electronics and Information Technology) আৰু Nasscom ৰ যুটীয়া প্ৰচেষ্টাত Future Skills Prime নামেৰে এক অভিনৱ আৰু উন্নয়নমুখী পদক্ষেপ গ্রহণ কৰি প্ৰযুক্তি আৰু বৃত্তিগত দক্ষতাৰ ক্ষেত্ৰত ভাৰতীয় ছাত্র সমাজ আৰু বিভিন্ন বৃত্তিধাৰী লোকক অতি উচ্চমানসম্পন্ন শ্রমযুক্ত পাঠ্যক্ৰম প্ৰৱৰ্ত্তনৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ঠিক একেদৰে, ২০২২ চনৰ বাজেটত শিক্ষা খণ্ডৰ সৈতে জড়িত যি পাঁচটা বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছিল তাৰ ভিতৰত Digital Skilling Eco System, ডিজিটেল বিশ্ববিদ্যালয় স্থাপন আমি বিশেষভাৱে গুৰুত্বপূৰ্ণ।

আগন্তুক শিক্ষাবৰ্ষৰপৰা প্ৰযোজ্য হ’বলগীয়া নতুন শিক্ষা নীতি-২০২০ৰ বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰিলেও এটা কথা সহজেই ক’ব পাৰি যে বিজ্ঞান, প্রযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাই  সমগ্ৰ বিশ্বৰ সমাজ ব্যৱস্থালৈ কঢ়িয়াই অনা পৰিৱৰ্তনসমূহৰ লগত সংগতি ৰাখি চলিব পৰাকৈ দক্ষতাসম্পন্ন মানৱ সম্পদ নিৰ্মাণ কৰি তোলাৰ প্ৰয়াসেৰে এই শিক্ষানীতিৰ প্ৰস্তাৱসমূহ প্রস্তুত কৰা হৈছে। একবিংশ শতিকাৰ ছাত্ৰ সমাজক বিশ্ব সমাজৰ বিশ্ব নাগৰিক হিচাপে গঢ়ি তুলিবৰ বাবে প্ৰস্তুত কৰা আমাৰ নতুন শিক্ষানীতিত Creativity, Critical thinking, Communication আৰু Collaboration এই চাৰিটা ‘C’ ৰ প্ৰতিফলন ঘটা দেখা পোৱা যায়। কৃত্রিম বুদ্ধিমত্তা আৰু ডিজিটেলাইজেশ্যনৰ যুগত আমাৰ সন্মুখত ডিজিটেল শিক্ষাৰে শিক্ষিত হোৱা আৰু এই শিক্ষাক সুসন্মতভাৱে প্ৰয়োগ কৰি সুযোগৰ সৃষ্টি কৰাৰ বাহিৰে অন্য বিকল্প নাই। সেয়েহে ৰাষ্ট্ৰসংঘকে ধৰি বিভিন্ন আন্তৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহেও কৃত্রিম বুদ্ধিমত্তাৰ  প্রয়োগ, উদ্ভাৱন আৰু প্ৰযুক্তিৰ বিকাশ তথা ব্যৱহাৰৰ উদ্দেশ্যে ডিজিটেল সচেতনতা সৃষ্টি কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াক ব্যক্তিৰ এক অধিকাৰ হিচাপে গণ্য কৰি ডিজিটেল ক্ষেত্ৰখনত যাতে কোনোৱেই কোনো ধৰণৰ বৈষম্য বা বঞ্চনাৰ বলি হ’বলগীয়া নহয় সেই সম্পর্কেও গুৰুত্ব দিয়া পৰিলক্ষিত হয়। ২০২৩ চনৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বিষয়বস্তুলৈ লক্ষ্য কৰিলেও দেখা যায় যে পৰিৱৰ্ত্তনশীল প্রযুক্তি আৰু ডিজিটেল শিক্ষাৰ উত্তৰণত লিংগ | বৈষম্যৰ ওপৰত গুৰুত্ব দি ৰাষ্ট্ৰসংঘই ‘DigitALL: Innovation and Technology for Gender Equality’ এই বিষয়বস্তু গ্রহণ কৰিছে।

অসম কলেজ শিক্ষক সংস্থাৰ মহিলা কোষৰ জৰিয়তেও সাম্প্ৰতিক পৰিৱেশ আৰু চিন্তা চৰ্চাৰ লগত সংগতি ৰাখি অসমৰ কলেজ শিক্ষকসকলৰ সৃষ্টিশীল সাহিত্যক এখন ডিজিটেল মঞ্চ দিয়াৰ উদ্দেশ্যৰে ‘অনুৰণন’ নামৰ এখন ছমহীয়া ই-আলোচনী প্ৰকাশৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। আলোচনীখনৰ পৰিকল্পনাৰ পৰা প্ৰকাশৰ এই মুহুৰ্ত্তলৈকে আমাক প্রতিমূহুৰ্ত্ততে বিভিন্ন দিহা পৰামৰ্শৰে সহায় কৰা অসম কলেজ শিক্ষক সংস্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত হিমাংশু মড়ল, উপ সভাপতি ড° ব্ৰীজমোহন হাজৰিকা আৰু সাধাৰণ সম্পাদক ড° জয়ন্ত বৰুৱাৰ লগতে কেন্দ্ৰীয় কমিটিৰ সমূহ বিষয়বৱীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ জ্ঞাপন কৰিছো সম্পাদনা সমিতিৰ সমূহ মাননীয় সদস্যবৃন্দ, বিভিন্ন মণ্ডলক প্রতিনিধিত্ব কৰা মহিলা কোষৰ কেন্দ্ৰীয় প্ৰতিনিধি আৰু আহ্বায়কসকলক যিসকলে বিভিন্ন প্রকাৰে আমাক সহায় সহযোগিতা আগবঢ়াই ‘অনুৰণন’ৰ প্ৰথম সংখ্যাটি প্রকাশ কৰাত উদগণি যোগালে। | প্ৰতিগৰাকী লিখকৰ লগতে বেটুপাত অংকণ আৰু ই-আলোচনীখনৰ সামগ্রিক অংগসজ্জাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ ওচৰত আমি চিৰকৃতজ্ঞ। শেষত পঢ়ুৱৈ সমাজে ‘অনুৰণন’ক  আদৰি লৈ পৰৱৰ্ত্তী সময়ত বিভিন্ন দিহা পৰামৰ্শৰে আমাক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ।

ড° ৰুমী খালেন
বন্দিতা বৰবৰা

Scroll to Top